বঙাইগাঁৱৰ সন্ধানহীন বোৱাৰীক হাৰিয়ানত উদ্ধাৰ,অপহৰণকাৰী প্ৰেমিকক জেল হাজোতলৈ প্ৰেৰণ

aphrn

বঙাইগাঁওঃ১৮ জুনঃ

ছ'চিয়েল মিডিয়া ফেচবুকে যে বহুতো পৰিয়াললৈ অশনি সংকেত কঢ়িয়াই আনিছে ,সেয়া পুনৰ বঙাইগাঁও চহৰৰ পৰা সন্ধানহীন হৈ থকা বোৱাৰী এগৰাকীক আৰক্ষীয়ে সুদূৰ হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতে উন্মোচিত হৈছে ৷ বঙাইগাঁও আৰক্ষীৰ নেৰা-নেপেৰা প্ৰচেষ্টাত অৱশেষত এটি সন্তানৰ মাতৃগৰাকীক বঙাইগাঁও আৰক্ষীয়ে হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি অনাই নহয়, বৰং বোৱাৰীগৰাকীক হাৰিয়ানালৈ নিয়া যুৱকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ফেচবুকৰ জৰিয়তে প্ৰথমে হাৰিয়ানাৰ যুৱকজনৰ সৈতে বোৱাৰীগৰাকীৰ চিনাকী তথা বন্ধুত্ব গঢ়ি উঠাৰ পিছত ফোনৰ জৰিয়তে দুয়োৰে মাজত হোৱা বাৰ্তালাপে এটা সময়ত প্ৰেমৰ ৰূপ লোৱাৰ ফলতে এই ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ ১২ নম্বৰ ৱাৰ্ডৰ বিবেকানন্দ পল্লীৰ বিবাহিতা বোৱাৰী তথা এটি ১৪ বছৰীয়া সন্তানৰ মাতৃগৰাকী যোৱা ২৯ মাৰ্চৰ নিশা ৮ঃ ৩০ মান বজাত উত্তৰ বঙাইগাঁৱৰ বি অ চি গেটত বজাৰ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈছিল ৷ মহিলাগৰাকীৰ স্বামীয়ে তথা পৰিয়ালৰ লোকসকলে পিছত বিভিন্ন ঠাইত বিচাৰ - খোচাৰ কৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ পিছত মহিলাগৰাকীৰ স্বামীয়ে ১৩ এপ্ৰিলত ঘটনা সন্দৰ্ভত উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰত মহিলাগৰাকীৰ স্বামীয়ে টনি বাৰ্মা নামৰ লোকজনে মহিলাগৰাকীক অপহৰণ কৰি লৈ গৈ কোনো অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰখা বুলি উল্লেখ কৰে ৷ পিছত বঙাইগাঁও আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ২৩৬/ ১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷ আৰক্ষীয়ে মহিলাগৰাকীৰ ফেচবুক একাউণ্ট, ফোন নম্বৰৰ লগতে এজাহাৰত উল্লেখ কৰা টনী বাৰ্মা নামৰ লোকজনৰ এক ফোন নম্বৰৰ আঁত ধৰি তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ গৈ অৱশেষত বোৱাৰীগৰাকী হাৰিয়ানত থকাৰ নিশ্চিত তথ্য লাভ কৰে ৷ পিছত বোৱাৰীগৰাকীক উদ্ধাৰৰ বাবে বঙাইগাঁও সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক পাউলাচ নাৰ্জাৰীৰ নেত্বত্বত এটা আৰক্ষীৰ দল ১৩ জুনত হাৰিয়ানালৈ ৰাওনা হয় ৷ হাৰিয়ানাত উপস্থিত হোৱাৰ পিছত স্থানীয় আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত পিছত বহু কষ্টৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অপহৃতা মহিলাগৰাকীক হাৰিয়ানাৰ ৰোহটক জিলাৰ ইণ্ডাষ্ট্ৰীয়েল মডেল টাউনশ্বিপ ( আই এম টি)  থানাৰ অন্তৰ্গত আস্থাল বিহাৰ অঞ্চলৰ এটা গৃহৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মহিলাগৰাকীৰ সৈতে যোগেন্দ্ৰ ওৰফে টনী বাৰ্মা(৩৮) নামৰ অপহৰণকাৰীজনকো আটক কৰে ৷ উল্লেখ্য যে অপহৰণকাৰীজনে মহিলাগৰাকীক লৈ পলাবলৈ ধৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে ৷ পিছত মহিলাগৰাকীৰ লগতে আটকাধীন যুৱকজনক আৰক্ষীয়ে বঙাইগাঁওলৈ লৈ আহে ৷ জানিব পৰা মতে ফেচবুকৰ জৰিয়তে যোগেন্দ্ৰ বাৰ্মাৰ লগত মহিলাগৰাকীৰ চিনাকী হৈছিল ৷ ফেচবুকৰ জৰিয়তে বন্ধুত্বৰ আৰম্ভণি হোৱাৰ পিছত লাহে লাহে দুয়োজনে ফোন যোগেও বাৰ্তালাপ কৰিবলৈ ধৰে ৷ এনেকৈয়ে বোৱাৰীগৰাকীক পিছত প্ৰেমৰ জালত পেলায় ৷ ফলত ক্ৰমাৎ গঢ়ি উঠে প্ৰেমৰ সম্পৰ্ক ৷ পিছত যোগেন্দ্ৰ ওৰফে টনী নামৰ যুৱকজন যোৱা ২৭ মাৰ্চত বঙাইগাঁও চহৰত উপস্থিত হয় আৰু উত্তৰ বঙাইগাঁৱৰ এখন হোটেলত বাহৰ পাতে ৷ বঙাইগাঁৱত উপস্থিত হৈ যুৱকজনে বোৱাৰীগৰাকীক লগ ধৰে আৰু ২৯ মাৰ্চত কৌশলেৰে ৰে'ল যোগে দিল্লীলৈ নি তাৰ পৰা বাছেৰে হাৰিয়ানালৈ নিয়ে ৷ টনী বাৰ্মাই কেটাৰিঙৰ কাম কৰে ৷ কিন্তু মহিলাগৰাকীৰ স্বামীৰ এজাহাৰৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে চলোৱা নেৰা-নেপেৰা চেষ্টাৰ ফলত অৱশেষত মহিলাগৰাকীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হয় ৷ বঙাইগাঁও আৰক্ষীয়ে অপহৰণকাৰী প্ৰমিক যোগেন্দ্ৰ ওৰফে টনী বাৰ্মাক বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আনহাতে বোৱাৰীগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়ে ৷ উল্লেখ্য যে বঙাইগাঁও অঞ্চল তথা সমগ্ৰ জিলাখনৰ পৰা ইতিমধ্যে  ভালেকেইগৰাকী বিবাহিতা বোৱাৰী তথা যুৱতী সন্ধানহীন হৈছে ৷ এইসকলৰ প্ৰায় সংখ্যকেই ফেচবুকৰ জৰিয়তে চিনাকী হোৱাজনৰ প্ৰেমৰ জালত পৰি নিজৰ সন্তান,স্বামী তথা পৰিয়ালক এৰি থৈ যোৱা বুলিও অভিযোগ উঠিছে ৷ বহুতৰে সুখৰ সংসাৰ নিমিষতে ভাঙি-চিঙি থান-বান হৈ গৈছে ছ'চিয়েল মিডিয়াৰ বাবেই ৷ সেয়ে সকলোৱে সাৱধান হোৱাৰ সময় সমাগত ৷

Your Comments