বঙাইগাঁওঃ১৮ জুনঃ
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰিসমূহ বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত টেট শিক্ষকসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ টেট শিক্ষকসকলে বিদ্যালয়ত অৰ্ধছুটী লৈ বিয়লি দুই বজাত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত ৰূপায়ণ কৰা এই ধৰ্ণা কাৰ্যসূচীৰ পূৰ্বে জিলাখনৰ বিভন্ন ঠাইৰ বিদ্যালয়ত কৰ্মৰত টেট শিক্ষক- শিক্ষয়িত্ৰীসকল স্থানীয় গান্ধী ময়দায়ত আহি সমবেত হয় ৷
পিছত টেট শিক্ষক- শিক্ষয়িত্ৰীসকলে গান্ধী ময়দানৰ পৰা হাতে হাতে বেনাৰ আৰু বিভিন্ন শ্ল'গান সম্বলিত প্লেকাৰ্ড লৈ সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু বিভিন্ন শ্ল'গান দি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ টেট শিক্ষকসকলে আমাক বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক, টেট পৰীক্ষাৰ প্ৰমাণ পত্ৰক ড্ৰাইভিং লাইচেঞ্চৰ লগত তুলনা নকৰিব, শিক্ষকক লৈ ৰাজনীতি বন্ধ কৰক, বিজেপি চৰকাৰে দিয়া নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পালন কৰক, শিক্ষামন্ত্ৰীয়ে শিক্ষকক অপমান কৰা বন্ধ কৰক, কণ-কণ শিক্ষাৰ্থীৰ জীৱনক লৈ লৰা-ধেমালি নকৰিব, প্ৰাথমিক শিক্ষা ব্যৱস্থাক ধ্বংস নকৰিব, আমাৰ দাবী ন্যায্য দাবী ,শিক্ষক মানসিকতাত আঘাত গৱা বন্ধ কৰক, সফেচন দৰমহা আয়োগ মতে আমাক ধৰণী দিয়ক, আৰ টি ই এক্ট উলংঘা নকৰিব আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক পত্ৰখন জিলা উপায়ুক্তৰ হৈ সহকাৰী কাৰ্যবাহী দণ্ডাধীশ নীতিন আহমেদে গ্ৰহণ কৰে ৷ উল্লেখ্য যে
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰামতে,ৰাজ্যৰ ৪১,০০০ ( সৰ্বশিক্ষা+ ষ্টেটপুল) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ দাবী কৰি আহিছে যদিও ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । নিৰ্বাচনী কামৰ লগতে এন আৰ চিৰ কামতো খটুওৱা টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰণত গুৰুত্ব প্ৰদান কৰা হোৱা নাই ৷ আনকি যোৱা ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি স্পষ্টকৈ উল্লেখ আছিল যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ সেয়ে অতি শীঘ্ৰে বিনাচৰ্তে বেতন সুৰক্ষাসহ টেট শিক্ষকসকলৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ ইফালে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণৰ সলনি কিছুদিন পূৰ্ৱে শিক্ষামন্ত্ৰীগৰাকীয়ে টেট শিক্ষকসকলৰ টেট পৰীক্ষাৰ প্ৰমাণ-পত্ৰক গাড়ী চালকৰ ড্ৰাইভিং লাইচেঞ্চৰ লগত তুলনা কৰা কাৰ্যত শিক্ষকসকল অধিক ক্ষুন্ন হৈ পৰাৰ লগতে মন্ত্ৰীগৰাকী এনে মন্তব্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে ৷ লগতে শিক্ষামন্ত্ৰীগৰাকীৰ এনে মন্তব্য শিক্ষক সমাজ তথা অসমবাসীৰ বাবে চৰম হতাশাজনক বুলি কয় ৷ শিক্ষসকলে মন্ত্ৰীগৰাকীক লাইচেঞ্চ শব্দটো উঠাই লোৱাৰ বাবেও আহ্বান জনায়। বঙাইগাঁৱত ৰূপায়ণ কৰা এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মাণিকপুৰ, উত্তৰ শালমাৰা আৰু বঙাইগাঁও মহকুমা শিক্ষক সন্মিলনীয়ে সমৰ্থন জনোৱাৰ লগতে কে'বাজনো বিষয়ববীয়াই অংশ লয় ৷ ইপিনে এই কাৰ্যসূচীত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও-চিৰাং জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে কে'বাজনো নেতা- কৰ্মীযে অংশ গ্ৰহণ কৰে ৷ ধৰ্ণা কাৰ্যসূচীত বঙাইগাঁও জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি, সম্পাদক আদিকে ধৰি কেবা শতাধিক শিক্ষক- শিক্ষয়িত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷
- Log in to post comments
- 5 views