বিহগী মিডিয়া গ্ৰুপৰ ৰামধেনু বটা প্ৰদান

ramdhenu

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন :

১৭ জুন,বিহগী কবি ৰঘুনাথ চৌধাৰীৰ পবিত্র স্মৃতিত অসমৰ ব্যতিক্ৰমী সমাজ-সংস্কৃতিমূলক অনুষ্ঠান 'বিহগী মিডিয়া গ্রুপ' অসমে বিগত আঠটা বৰ্ষৰ দৰে দেওবাৰে মুকালমুৱাৰ জি.বি.এল হাইস্কুল প্রাঙ্গণত নৱম বাৰ্ষিক (২০১৯) ৰামধেনু বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত কৰে । 
 ramdhenu2নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সমাজৰ বিভিন্ন ক্ষেত্রত প্রভূত বৰঙণি আগবঢ়োৱা বহুকেইজন বিশিষ্ট ব্যক্তিক ৰামধেনু বটা প্রদান কৰা হয় । তাৰ ভিতৰত সুকণ্ঠী গায়িকা ড০ অনিমা চৌধুৰীক সংগীত সম্রাজ্ঞীৰ জীৱনজোৰা সাধনা ৰামধেনু বটা,ৰাজমুকুট থিয়েটাৰৰ মঞ্চত নাট্যকাৰ ৰাজদ্বীপৰ বাউলী মোৰ প্রিয়া নাটখনত কৰা অনবদ্য অভিনয়ৰ বাবে চলচ্চিত্র আৰু ভ্রাম্যমাণৰ জনপ্রিয় অভিনেতা প্রসেনজিত বৰাক শ্রেষ্ঠ অভিনেতাৰ সন্মান প্রদান কৰা হয় । ইয়াৰ উপৰিও অসমৰ সাংস্কৃতিক জগতৰ অপ্রতিদ্বন্দী যাত্রাদল শ্যামৰায় নাট্যগোষ্ঠীক শ্রেষ্ঠ যাত্রাদলৰ ৰামধেনু বটা প্রদান কৰা হয় ।ram

এই বটাটি গ্রহণ কৰে নাট্যদলটোৰ সন্মানীয় প্রযোজক সুভাষ তালুকদাৰে । তাৰ উপৰিও ভ্রাম্যমাণৰ জ্যেষ্ঠ অভিনেতা ভূপেন ডেকাক শ্রেষ্ঠ সহ:অভিনেতাৰ বটা,চলিত বৰ্ষত থিয়েটাৰ ভাগ্যদেৱীত কৰা অনন্য অভিনয়ৰ বাবে যুৱ অভিনেতা জিতু বৰাক শ্রেষ্ঠ কৌতুক অভিনেতাৰ বটা,মি: কিডচ ইয়াংশু শইকীয়াক জনপ্রিয় শিশু মডেলিঙৰ ৰামধেনু বটা,ভ্রাম্যমাণৰ উদীয়মান কলা নিৰ্দেশক ৰাজীৱ আহমেদক শ্রেষ্ঠ কলা নিৰ্দেশকৰ ৰামধেনু বটা,জনপ্ৰিয় অভিনেত্ৰী বাবলি বৰাক ৰামধেনু বঁটা আৰু পৰাণ কমলক শ্রেষ্ঠ চলচ্চিত্র অভিনেতাৰ সন্মান,বোলছবি জগতৰ বলিষ্ঠ অভিনেতা পংকজ দালানীক শ্রেষ্ঠ খলনায়কৰ বটা,দীৰ্ঘদিনে সংবাদ জগতত আগবঢ়োৱা অৰিহণাৰ বাবে আছাম টকছ চেনেলৰ কাৰ্যবাহী সম্পাদক দেৱজিত তালুকদাৰক ৰামধেনু সংবাদ সাধনা বটা,সমাজকৰ্মী গজেন্দ্র ডেকা বৰুৱাক কৰ্ম সাধনা বটাৰ লগতে আন আন কেইবাটিও শিতানত ৰামধেনু বটাসমূহ প্রদান কৰা হয় ।সমুহ ৰামধেনু বঁটাৰে সন্মানিত হোৱা প্ৰতি গৰাকী লৈ নূপুৰ সাংস্কৃতিক গ্ৰুপৰ পৰিয়ালেও অভিনন্দন জ্ঞাপন কৰে।
      বটা প্রদান অনুষ্ঠানৰ লগত সংগতি ৰাখি নিশালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় ।

Your Comments