বঙাইগাঁৱত কৃষক মুক্তিৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবী

bgn

বঙাইগাঁওঃ১৭ জুনঃ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আজি বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত পুৱা এঘাৰ বজাৰ পৰা দিনৰ এক বজালৈ ৰূপায়ণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰক, বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিব লাগিবই আদি বিভিন্ন শ্ল'গানো দিয়ে ৷ পিছত কাৰ্যসূচী ৰূপায়ণৰ অন্তত জিলা সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চিৰকাললৈ বন্ধ কৰাৰ দাবীত বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত কয় যে বৃহৎ নদী বান্ধৰ কাম আমি অসমীয়া জাতিয়ে কোনোপধ্যে হ'বলৈ নিদিও ৷ যেতিয়া বিজেপি দল বিৰোধিৰ আসনত আছিল ,সেই সময়ত বিজেপি নেতা ৰাজনাথ সিং অসমলৈ আহি অসমীয়া জাতিৰ লগত একেলগে প্ৰতিবাদ কৰি কৈছিল যে বিজেপি দল যদি শাসনলৈ আহে তেতিয়াহ'লে কেতিয়াও বৃহৎ নদী বান্ধৰ কাম হ'বলৈ নিদিয়ে ৷ কিন্তু এতিয়া বিজেপি দল শাসনলৈ অহাৰ পিছত তেওঁলোকে সম্পূৰ্ণ ওলোটা খৰ মাৰিছে ৷ তেওঁলোকে এতিয়া অসমীয়া জাতিৰ আবেগ-অনুভূতিক ভৰিৰে মোহাৰি বৃহৎ নদী বান্ধৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে ৷ আমি বৃহৎ নদী বান্ধৰ কাম আৰম্ভ কৰিবলৈ ওলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছো ৷bgn2

জিলা সম্পাদকগৰাকীয়ে লগতে কয় যে যি সময়ত সমগ্ৰ অসম পোহৰাবলৈ মাত্ৰ ১৬০০ মেগৱাট বিদ্যুতৰ প্ৰয়োজন হয়,সেই সময়ত  তাত ২০০০ মেগৱাট বিদ্যুতৰ উৎপাদন হ'বলৈ গৈ আছে ৷ কিন্তু উৎপাদিত বিদ্যুতৰ পৰা আমি অসমবাসীয়ে কিঞ্চিৎ পৰিমাণেও বিদ্যুৎ লাভ নকৰিম ৷ বৰং আমাৰ জীৱন- সম্পত্তি ধ্বংস কৰি আমাৰ মাটি-ঘৰৰ ওপৰেৰে তেওঁলোকে বৃহৎ বৃহৎ টাৱাৰ লাইন নিৰ্মাণ কৰি পুঁজিপতি গোষ্ঠীকহে ইয়াৰ পৰা বিদ্যুৎ বিক্ৰী কৰিব ৷ এই বিদ্যুৎ বিক্ৰী কৰাৰ স্বাৰ্থতে তেওঁলোকে অসমত অসমীয়া মানুহৰ জীৱন-সম্পত্তি ধ্বংস কৰি বৃহৎ নদী বান্ধৰ কাম আৰম্ভ কৰিছে ৷ আমি এই বৃহৎ নদী বান্ধৰ কাম কোনো কাৰণতে হ'বলৈ নিদিও ৷ লগতে সমগ্ৰ অসমীয়া জাতিক তথা বিভিন্ন বৰ্ণ,ভাষা-ভাষী মানুহক এই বৃহৎ নদী বান্ধৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলৈকো অনুৰোধ জনায় ৷ জিলা সম্পাদকগৰাকীয়ে কয় যে এনএইচপিচিৰ দ্বাৰা নিৰ্মিত ২০০০ মেগৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মানৰ কাম যোৱা ২০১১ চনৰ ১৬ ডিচেম্বৰৰ পৰা বন্ধ হৈ আছে ৷

এই বৃহৎ নদী বান্ধটো নিৰ্মাণ হ'লে অসমৰ লখিমপুৰ,ধেমাজি,মাজুলী জিলাক ক্ষতিগ্ৰস্ত কৰাৰ লগতে সোৱণশিৰি নদীৰ জৈৱ-বৈচিত্ৰও ধ্বংস কৰিব ৷ ইতিমধ্য এই বৃহৎ নদী বান্ধটোৰ স্থান আৰু নিৰ্মাণৰ কাৰিকৰী নক্সা তথা নিৰ্মাণ শৈলীও ক্ৰতিপূৰ্ণ বুলি সকলো বিশেষজ্ঞ সমিতিয়ে স্বীকাৰ কৰিছে ৷ তাৰোপৰি বান্ধটোৰ স্থায়িত্ব সম্পৰ্কে আটাইতকৈ বেছি শংকা প্ৰকাশিত হৈছে ৷ অসমৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বত হোৱা গণ আন্দোলননে শীৰ্ষতম বিন্দুত অৱতীৰ্ণ হোৱাৰ পাছত এই নদী বান্ধটোৰ কাম বন্ধ হৈ আছিল ৷ কিন্তু শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ বিধান সভাত ৰাজ্যপালগৰাকীয়ে এই প্ৰকল্প নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ৷

ভয়ংকৰ কথাটো হ'ল বিষয়টো মীমাংসা নোহোৱাকৈয়ে এনএইচপিচিয়ে নিবিদা আহ্বান কৰি নিৰ্মাণৰ কাম আগবঢ়াই নিবলৈ তৎপৰতা আৰম্ভ কৰিছে ৷ সেয়ে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে এনএইচপিচিৰ এনে অবৈধ প্ৰচেষ্টা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছো ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু কৰ্মীসকলে উপস্থিত থাকে ৷

Your Comments