সৌৰজগতৰ নটা গ্ৰহৰ কথা আমি সকলোৱে জানো ৷ ইয়াকো জানো যে পৃথিৱীৰ বাহিৰে অন্য গ্ৰহত প্ৰাণী বসবাস কৰাটো সম্ভৱ নহয় বা কোনো প্ৰাণী থকাৰ প্ৰমাণো পোৱা হোৱা নাই ৷ অৱশ্যে শেহতীয়াভাৱে মঙল গ্ৰহত বাসস্থান গঢ়ি তোলাৰ ক্ষেত্ৰত বিজ্ঞানী মহলে যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে ৷
ইয়াৰ মাজতে সৌৰজগতৰ বাহিৰত আন ৪৪টা নতুন গ্ৰহৰ আৱিষ্কাৰে বিজ্ঞান জগতত এক নতুন ৰহস্যভেদৰ সন্ধান দিছে ৷ এই নতুন গ্ৰহকেইটাৰ আৱিষ্কাৰে বৰ্তমানৰ সৌৰ ব্যৱস্থাটোৰ মডেল উন্নয়নত যথেষ্ট সহায় কৰিব বুলি বিজ্ঞানী মহলে আশা ব্যক্ত কৰিছে ৷
উল্লেখ্য যে সৌৰজগতৰ বাহিৰৰ আৱিষ্কৃত এই ৪৪টা গ্ৰহৰ ভিতৰত ৪টা গ্ৰহৰ এটা বছৰ আমাৰ পৃথিৱীৰ এটা দিনতকৈও চুটি ৷
- Log in to post comments
- 47 views