ভোট গণনাৰ বাবে প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ

marigaon

জিতুমনি নাথ,মৰিগাঁও :

অহা ২৩ মে'ত অনুষ্ঠিত হব লগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে।ভোট গণনাৰ কাৰ্যসূচী যাতে শান্তি পূৰ্ণ ভাবে অনুষ্ঠিত হয়  তাৰ বাবে সতৰ্কতা  মূলক ব্যৱস্থা গ্ৰহণ কৰা মৰিগাঁও জিলা প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰিছে ভোট গণনাত নিয়োজিত হব লগীয়া কৰ্মচাৰী সকলৰ প্ৰশিক্ষণৰ কাৰ্যসূচী।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লগীয়া প্ৰশিক্ষণ কাৰ্যসূচীটোৰ প্ৰথম প্ৰশিক্ষণৰ কাৰ্যসূচী কালিৰে আৰম্ভ হৈছে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত। মৰিগাঁও জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ঋতুৰাজ বৰাৰ তৎত্বাৱধানত অনুষ্ঠিত হৈ থকা প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ ১৪ মে'ত সামৰণি পৰিব। দ্বিতীয়  পৰ্যায়ৰ ১৫ মে  প্ৰশিক্ষণত ট্ৰেনজিত অফিচাৰ,চিলিং অফিচাৰ,কম্পাইলেটৰ,চিলিং এচিষ্টেন্ট আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হব।

তৃতীয় পৰ্যায় অথ্যাৎ ১৮  মে'ৰ পৰা ২০ মে লৈ অনুষ্ঠিত হব লগীয়া প্ৰশিক্ষণত কাউন্টিং চুপাৰ ভাইজাৰ , কাউন্টিং এচিষ্টেন্ট আৰু মাইক্ৰ অবজাভাৰ সকলে অংশ গ্ৰহণ কৰিব।

 

Your Comments