নগাঁৱত  হৰিপদ কুমাৰ সোঁৱৰণী  ৰেংকিং বেডমিণ্টন আৰম্ভ

KRIYA

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও ক্ৰীড়া  সংস্থাৰ উদ্যোগত  অসম বেডমিণ্টন  সংস্থাৰ সহযোগত বুধবাৰৰ  পৰা  হৰিপদ কুমাৰ সোঁৱৰণী প্ৰথম সদৌ অসম বেডমিণ্টন ৰেংকিং প্ৰতিযোগিতা আৰম্ভ হৈছে । নগাঁৱৰ নুৰুল আমিন  ইনড'ৰ ষ্টেডিয়ামত আয়োজিত প্ৰতিযোগিতাখনি উদ্বোধন কৰে  জিলা উপায়ুক্ত যাদৱ
শইকীয়াই । উদ্বোধনী অনুষ্ঠানত  সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় মহোৎসৱৰ এথলেটিকছত
নগাঁও ক্ৰীড়া সংস্থাৰ পঞ্জীয়ণভুক্ত  সাতগৰাকী খেলুৱৈ  ধ্ৰুৱজ্যোতি কেওট, আনন্দৰাম বৰা, ৱাচিম আক্ৰাম,মিৰাজুল আলী, প্ৰীতম বসুমতাৰী,
বিক্ৰম টেৰং আৰু ৰাজু বড়োক  সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত  যাদৱ শইকীয়াই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰাৰ লগতে 
 অসম বেডমিন্টন  সংস্থাৰ জ্যেষ্ঠ উপ-সভাপতি প্ৰদীপ কুমাৰ হাজৰিকা,সম্পাদক ওমৰ ৰছিদ,যুটীয়া  সম্পাদক গৌতম মহন্ত,কোষাধ্যক্ষ বদন বৰা, মুখ্য ৰেফাৰী বিনীত গগৈ, জিলা অতিৰিক্ত উপায়ুক্ত অশ্বিনী দলে আৰু জিলা পৰিষদৰ উপ-সভাপতি প্ৰমোদ লস্কৰ  উপস্থিত থাকে । উল্লেখযোগ্য যে প্ৰতিযোগিতাখনিত  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৩০ জন শ্বাটলাৰে যোগদান  কৰিছে ।

Your Comments