আৰ্জেণ্টিনাৰ লগতে ইৰাককো হৰুৱালে ভাৰতে । স্পেইনত অনুষ্ঠিত হৈছে ২০ অনূৰ্ধ্ব ফটবল প্ৰতিযোগিতা । ভাৰতীয় দলটোৰ অন্যতম সদস্য অসমৰ অমন চেত্ৰী । স্পেইনৰ ভেলেন্সিয়াত ভাৰতীয় ২০ অনূৰ্ধ্ব দলটিয়ে মাৰাডোনা আৰু মেছিৰ দেশক কঁপাই দিলে । বিশ্ব ফুটবলত ভাৰতে নিজৰ পৰিচয় দিলে । আৰ্জেণ্টিনাক ২-১ গ'লৰ ব্যৱধানত হৰুৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ।
অতি আক্ৰমণাত্মক আছিল ভাৰতীয় দলটো । খেলৰ চতুৰ্থটো মিনিটত ভাৰতৰ দীপক টাংৰীয়ে প্ৰথমটো আৰু ৬৮ মিনিটত দ্বিতীয় গ'লটো দিয়ে আনৱাৰ আলীয়ে । ভাৰতীয় দলৰ প্ৰশিক্ষক ফ্লয়ড পিণ্টোৱে এই বিজয়ক ঐতিহাসিক হিচাপে স্বীকৃতি দিয়ে । তেওঁ কয়, এই বিজয় স্মৰণীয় আৰু ভাৰতীয় ফুটবলক এতিয়া কোনেও অৱজ্ঞা কৰিব নোৱাৰে । বিশ্ব ফুটবলত ভাৰতে নতুন পৰিচয় লাভ কৰিলে ।
আম্মানত অনুষ্ঠিত ডব্লিউ এফ এফ ১৬ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দলে ইৰাকক ১-০ গ'লত হৰুৱায় । বিজয়সূচক গ'লটো দিয়ে তুভেনেছে । ভাৰতীয় যুৱ ফুটবলাৰ শক্তিশালী হৈ উঠিছে ।
- Log in to post comments
- 8 views