নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা , ২৭ এপ্ৰিল :
ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন অফ্ আছামৰ উদ্যোগত আৰু ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন অফ্ ইণ্ডিয়াৰ তত্বাৱধানত অহা ২৮ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড়ত "ৰিজ'নেল ইকুৱেষ্ট্ৰিয়ান লীগ" আৰু ডিব্ৰুগড় "হৰ্ছ শ্ব' "ৰ আয়োজন কৰা হৈছে । ডিব্ৰুগড়ৰ এথেলউড চাহ বাগিচা খেলপথাৰত অনুষ্ঠিতব্য প্ৰতিযোগিতাত অসম ৰাইফলছ, অসম পুলিচ, মণিপুৰ ইকুৱেষ্ট্ৰিয়ান এচোছিয়েশ্যন, আই.টি.বি. পি.ৰ লগতে ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন অফ্ আছামৰ অশ্বাৰোহীসকলে ড্ৰেছেজ, জাম্পিং আৰু টেন্টপেকিঙত যোগদান কৰিব ।
প্ৰতিযোগিতাখনিত ৩৩ টা ঘোঁৰাসহ ৫০ গৰাকী অশ্বাৰোহীয়ে যোগদান কৰিব বুলি ইকুৱেষ্ট্ৰিয়ান ফেডাৰেশ্বন অফ্ আছামৰ সচিব প্ৰধান ডাঃ নাজৰাণা আহমেদে জনাইছে । উল্লেখযোগ্য যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মূলতঃ দুটা কাৰণ হ'ল আঞ্চলিক দলসমূহৰ জুনিয়ৰ আৰু যুৱ অশ্বাৰোহীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপলৈ "অৰ্হতা" অৰ্জন কৰাৰ লগতে নতুন নতুন প্ৰতিভা সৃষ্টি কৰি অসমৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহত হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ যোগ্য কৰি তোলা ।
স্মৰ্তব্য যে ডিব্ৰুগড়ত কেইবাবাৰো ক্ৰীড়া সংগঠক মনোজ কুমাৰ জালানৰ নেতৃত্বত সফলভাৱে ইকুৱেষ্ট্ৰিয়ান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ।
- Log in to post comments
- 11 views