![majuli](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-23%20at%2012.51.18%20AM.jpeg?itok=XanMLo_D)
মাজুলীত বহিৰাজ্যৰ তিনি শতাধিক গামোচা জব্দ
নিউজ এ এছ এন প্ৰতিনিধি, মাজুলী,২২ এপ্ৰিল: মাজুলীৰ উপায়ুক্তৰ নিৰ্দেশত বহিৰাজ্যৰ যন্ত্ৰচালিত শালত উৎপাদিত গামোচাৰ বিৰূদ্ধে আজি অভিযান চলায় মাজুলীৰ দুগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত গঠিত জিলা প্ৰশাসনৰ এটা দলে। হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ বিষয়া আৰু গড়মূৰ থানাৰ আৰক্ষীক লগত লৈ কাৰ্যবাহী দণ্ডাধীশ বিভাষ পাঠক আৰু হিমাদ্ৰী বৰাই কমলাবাৰী, বালি চাপৰি আৰু সোণাৰীআটিত এনে গামোচা বিক্ৰীৰ বিৰুদ্ধে সোমবাৰে নিশা অতৰ্কিত অভিযান চলায়। অভিযানকালত যন্ত্ৰচালিত শালত প্ৰস্তুত কৰাৰ সন্দেহত ৩৩০খন গামোচা দলটোৱে জব্দ কৰে।
জিলা প্ৰশাসনৰ দলটোৱে বালি চাপৰিৰ এখন গেলামালৰ দোকান আৰু এখন কাপোৰৰ দোকানৰ লগতে সোণাৰীআটিৰ এখন হাৰ্ডৱেৰ দোকানৰ পৰা এই গামোচাসমূহ জব্দ কৰে।
- Log in to post comments
- 34 views