বঙাইগাঁৱত সুৰা নিষিদ্ধ ঘোষণা

band

 বঙাইগাঁৱৰ প্ৰতিবেদক :

 ৬ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ লগতে জিলাখনত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আবকাৰী আইন ২০১৬ আৰু জনপ্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ধাৰা ১৩৫ (গ)ৰ অধীনত অসম চৰকাৰে বঙাইগাঁও জিলাত কাইলৈ (২১ এপ্ৰিল) সন্ধিয়া ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈ সুৰাকে ধৰি সকলো প্ৰকাৰৰ মাদক দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ, সৰবৰাহ আদি নিষিদ্ধ ঘোষণা কৰিছে ৷ 

তদুপৰি অহা ২৩ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনা কাৰ্য সমাপ্ত নোহোৱা পৰ্যন্ত সমগ্ৰ জিলাখনৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো মাদক দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ আৰু সৰবৰাহ আদি বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তিৰ বিৰুদ্ধে আইনমতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷  

আনহাতে ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে উক্ত দিনা বঙাইগাঁও জিলাত জিলা প্ৰশাসনে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে ৷ সেইদিনা জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী - বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক ,শিক্ষানুষ্ঠান, উদ্যোগ প্ৰতিষ্ঠান আদি বন্ধ থাকিব ৷ উল্লেখ্য যে সকলোৱে যাতে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷

Your Comments