বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত এইবাৰো ৰূপৰ পদকতে অভিযান সমাপ্ত হ'ল ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৰ ৷ দেওবাৰে অনুষ্ঠিত ফাইনেলত সিন্ধুৱে স্পেইনৰ কেৰ'লিনা মেৰিনৰ ওচৰত হাৰ মানিবলগা হয় ৷ ৪৬ মিনিটজোৰা খেলখনত ভাৰতীয় শ্বাটলাৰগৰাকী ১৯-২১, ১০-২১ ব্যৱধানত পৰাস্ত হয় ৷ স্মৰ্তব্য যে বিগত বৰ্ষতো জাপানৰ নজ'মি অকুহাৰাৰ হাতত পৰাস্ত হৈ সিন্ধু ৰূপৰ পদকতে থমকি ৰৈছিল ৷
ফাইনেলত আকৌ এবাৰ পৰাজিত হৈ স্বাভাৱিকতে হতাশ ভাৰতীয় শ্বাটলাৰগৰাকী ৷ সিন্ধুৱে কয়, "দ্বিতীয়বাৰলৈ ফাইনেলত হাৰি মই স্বাভাৱিকতে হতাশ হৈছোঁ ৷ তথাপি মই নিজক অধিক শক্তিশালী কৰি পৰৱৰ্তী টুৰ্ণামেণ্টৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিম ৷"
- Log in to post comments
- 11 views