কেৰেলাত  নগাঁৱৰ 'নৃত্য কলাক্ষেত্ৰ'ৰ  শিল্পী দলৰ প্ৰশংসা লাভ

kerela

নগাঁৱৰ  পৰা ঋতু পৰ্ণ  শৰ্মা 

কেৰালাৰ  অংগমালিৰ  সুখ্যাত  নৃত্যানুষ্ঠান  'মায়াৰাণীৰ প্ৰণৱম'-এ  সাংস্কৃতিক বিনিময় আৰু ভাতৃত্ববোধ  সম্প্ৰসাৰণৰ  বাবে অনুষ্ঠিত কৰা নৃত্য  সমাৰোহত  নগাঁৱৰ 'নৃত্য কলাক্ষেত্ৰ'ৰ  শিল্পীদলে ভাৰত নাট্যম,সত্ৰীয়া আৰু  বিহু নৃত্য পৰিৱেশন কৰি  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম  হয় । 


কেৰেলাৰ  কোচিৰ  বিশ্বজ্যোতি  চিএমটিপিএছ  ছিলভাৰ জুবিলী  হলত যোৱা  ১৩ আৰু ১৪ এপ্ৰিলত অনুষ্ঠিত 'নুপুৰধ্বনি-ৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ'ত  দেশ-বিদেশত নৃত্য পৰিৱেশন  কৰি  সুখ্যাতি  লাভ  কৰা  ইলোৰা বৰা  আৰু  গণপতি  সুব্ৰমণিয়মৰ  তত্বাৱধানত   স্বাগতা  শৰ্মা, প্ৰতিশ্ৰুতি  শইকীয়া,চন্দ্ৰাস্মিতা  দেৱী, নন্দিনী  বৰা, মনালী বৰা, জুমলী  শৰ্মা  বৰুৱা, সন্তোষী দেৱী আৰু  ময়ূখী বেজবৰুৱাই  ৰুক্মিণী  দেৱী  আৰুণ্ডেল  স্থাপিত  চেন্নাইৰ  নৃত্য কলাক্ষেত্ৰ  শৈলীৰ  অনুসৰণত  অতি  উচ্চমানৰ  ভাৰত নাট্যম পৰিৱেশনেৰে  সকলোকে  মন্ত্ৰমুগ্ধ  কৰি  তোলে । kerela2


ইয়াৰ  উপৰি  ইলোৰা  বৰা, স্বাগতা শৰ্মাৰ সত্ৰীয়া  নৃত্য  আৰু  সমূহ  বিহু  নৃত্যই  সকলোৰে  প্ৰশংসা  লাভ কৰে।

Your Comments