কলিয়াবৰত কবিতা,গীত আৰু আলাপৰ অনুষ্ঠান

ss

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

 

'উন্মীলন- এখন নতুন পৃথিৱীলৈ'ৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভিত্তিক কবিতা প্ৰতিযোগিতাৰ আজি পুৰস্কাৰ বিতৰণী তথা কবিতা, গীত আৰু আলাপৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ ড° ভবেন্দ্ৰ নাথ শইকীয়া পুথিভঁড়ালত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত  অনুষ্ঠানটোত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অমিয়া পাটৰৰ লগতে বিশিষ্ট শিক্ষাবিদ অতুল শৰ্মা আৰু পুথিভঁড়ালৰ সচিব প্ৰদীপ বৰুৱা উপস্থিত থাকে৷

 

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷ তাৰ পিছতে অৱসৰপ্ৰাপ্ত শিক্ষক গোলাপ বৰাই 'উন্মীলন'ৰ প্ৰাচীৰ পত্ৰিকা 'অনুৰণন'ৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে৷ অনুষ্ঠানত প্ৰায় ৩০ গৰাকী কবিয়ে কবিতা পাঠ কৰে।লগতে অণুগল্প পাঠ আৰু গীত পৰিৱেশন কৰা হয়।
 ka

উক্ত অনুষ্ঠানত 'উন্মীলন'ৰ উদ্যােগত সদৌ অসম ভিত্তিত আয়োজিত স্বৰচিত কবিতা প্ৰতিযোগিতাত স্থান লাভ কৰাসকলক বঁটা প্ৰদান কৰা হয়।প্ৰথম স্থান লাভ কৰে মধুমিতা বৰুৱা শইকীয়া,গুৱাহাটী (কবিতাৰ শিৰোনাম- 'তাই গ্ৰীস্মৰ ভেনাছ')। দ্বিতীয় স্থান লাভ কৰে বিশ্বজিৎ ডি. চেতিয়া,গোলাঘাট ( কবিতাৰ শিৰোনাম- 'ব'ল লক্ষ্মণ, সৰযুৰ সিপাৰলৈ যাওঁ'),তৃতীয় স্থান লাভ কৰে মানস জ্যােতি নাথ,নগাঁও (কবিতাৰ শিৰোনাম-'ভোক আৰু পিতাই')।

Your Comments