শিৱসাগৰস্থিত অসমৰ পুৰণি গীৰ্জা কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীত গুডফ্ৰাইডে উদযাপন

gd friday

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 সমগ্ৰ বিশ্বৰ লগতে শুকুৰবাৰে শিৱসাগৰতো গুডফ্ৰাই ডে পালন কৰা হয়। বিশ্বৰ খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলো যীচু খ্ৰীষ্টৰ মৃত্যুৰ দিনটো পবিত্ৰ শুকুৰবাৰ হিচাপে পালন কৰে। ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত ১৭৫ বছৰীয়া পুৰণি গীৰ্জা ঘৰত আজি কেন্দ্ৰীয় ব্যাপ্তিষ্ট মণ্ডলীয়ে উলহ- মালহেৰে  গুড ফ্ৰাই ডে পালন কৰে। এই উপলক্ষে গীৰ্জাত  এক বিশেষ প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়।

gd friday প্ৰাৰ্থনা সভাত গুড ফ্ৰাইডে উপলক্ষে বিশেষ বাৰ্তা প্ৰদান কৰে  পালক মতি কলিতাই। ৰিপন এন্দ্ৰুৱে পৰিচালনা কৰা প্ৰাৰ্থনা সভাত শিৱসাগৰৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে৷ উল্লেখ্য যে প্ৰায় দুহেজাৰ বছৰৰ পূৰ্বে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰাৰ অৰ্থে প্ৰচেষ্ঠা চলোৱা যীচু খ্ৰীষ্টই আজিৰ দিনটোতেই মানুহৰ হাততেই ক্ৰুচবিদ্ধ মৃত্যুবৰণ কৰিছিল।
গুড ফ্ৰাইডে উপলক্ষে শিৱসাগৰ চহৰৰ খ্ৰীষ্টান কবৰস্থানত সমুহীয়া বন্তি প্ৰজ্বলন কৰা হয়৷

Your Comments