২০১৯ বৰ্ষৰ 'শূন্য সহনশীলতা বঁটা' ঘোষণা

dur

'দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম'-এ ২০১৯ বর্ষৰ 'শূন্য সহনশীলতা বঁটা' ঘোষণা কৰিছে।অন্যায়ৰ বিৰুদ্ধে আপোচবিহীনভাৱে কৰ্মসম্পাদন কৰি অহা বিভিন্ন ক্ষেত্ৰৰ ৯ গৰাকী সন্মানীয় ব্যক্তিলৈ এই বর্ষৰ 'শূন্য সহনশীলতা বঁটা' আগবঢ়াব।

 

এই বর্ষত সংগঠনটোৱে বঁটা প্ৰদান কৰিব লগা ব্যক্তিকেইগৰাকী হৈছে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম,অসম পাব্লিক ৱৰ্কছৰ কর্মী অভিজিৎ শৰ্মা, আৰক্ষী অধীক্ষক মুকুল শইকীয়া , নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মা, প্ৰতিদিন টাইমৰ সহযোগী সম্পাদক শোণিত কুমাৰ ভূঞা,জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিগন্ত গগৈ আৰু সাংবাদিক ৰিংকু তামুলি।গুৱাহাটী প্ৰেছ ক্লাবত এই কথা আজি এক সংবাদমেলৰ জড়িয়তে জানিবলৈ দিয়ে দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে। ৮ আৰু ৯ ডিচেম্বৰত আন্তৰাষ্টীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত ২০১৯বর্ষৰ 'শূন্য সহনশীলতা বঁটা' প্ৰদান কৰা হ'ব।

 

আনহাতে আজি এই সংবাদমেলতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নির্দেশ জাৰি কৰাৰ ঘটনাৰো তীব্ৰ বিৰোধিতা কৰে।ধৰ্মকান্ত গগৈয়ে এই সম্পৰ্কত কয় যে ৰাজ্যৰ চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, নিতুমণি শইকীয়া,আফ্ৰিদা হুছেইন আৰু মনজিৎ মহন্তই ৰাইজৰ পক্ষত থাকি বিভিন্ন সময়ত চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ  উদঙাই দি আহিছে।যাৰ বাবে এতিয়া সাংবাদিককেইজনৰ বিৰুদ্ধে তদন্তৰ নির্দেশ দিয়াটো এখন গণতান্ত্ৰিক দেশৰ বাবে শুভ লক্ষণ নহয়।ৰাইজৰ পক্ষত থকা সাংবাদিককেইজনৰ বিৰুদ্ধে  ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ জাপি দিয়াৰ বাবে বিজেপি চৰকাৰখনে কাম কৰিছে বুলিও গগৈয়ে অভিযোগ উত্থাপন কৰে।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণেৰে জ্যেষ্ঠ সাংবাদিককেইজনৰ বিৰুদ্ধে  অনা অভিযোগ খণ্ডন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায় গগৈয়ে।

Your Comments