পথ দুৰ্ঘটনাত আহত কণ্ঠশিল্পী সুবাসনা দত্ত

s

ৰঙিয়াৰ উদিয়ানাত কালি নিশা দুর্ঘটনাগ্রস্ত হয় কন্ঠশিল্পী সুবাসনা দত্তৰ বাহন।বঙাইগাঁৱত ৰঙালী বিহু উদযাপনৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি গুৱাহাটীলৈ উভতাৰ পথত সংঘটিত  দুর্ঘটনাটোত কণ্ঠশিল্পীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

d

বৰ্তমান গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছে।এই দুর্ঘটনাত আহত হয় সুবাসনা দত্তৰ মেনেজাৰ শেখৰ জ্যোতি বৈশ্যও।দুর্ঘটনাৰ ফলত কণ্ঠশিল্পীগৰাকীৰ বাহনখনো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।

Your Comments