বিতৰ্কৰ মাজেৰে কোনে জয় কৰিলে  'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ?

bihu

ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ 'বিহু সম্ৰাজ্ঞী ২০১৯' প্ৰতিযোগিতাৰ ফলাফল কালি ঘোষণা কৰা হয়।লখিমপুৰৰ নীলম দোলাকাষৰীয়াই লাভ কৰে ২০১৯ বৰ্ষৰ 'বিহু সম্ৰাজ্ঞী' খিতাপ। মুঠ ১২ গৰাকী প্ৰতিযোগীৰ মাজৰ পৰা 'বিহু সম্ৰাজ্ঞী'ৰ খিতাপ দখল কৰা নীলমে লাভ কৰে তৰামাই দাস সোঁৱৰণী নগদ ১ লাখ টকা আৰু নেমকেয়াৰ হাস্পতালৰ চাকৰি।ইয়াৰ উপৰিও উপহাৰ হিচাপে লাভ কৰে ১০ গ্রাম সোণ, ৰেফ্ৰিজাৰেটৰ, টিভি, ৱাছিং মেচিনৰ লগতে বহু আকর্ষনীয় পুৰষ্কাৰ।

r
আনহাতে 'লতাশিল বিহু ৰাণী ২০১৯' খিতাপ দখল কৰে ডিব্ৰুগড়ৰ নিহাৰিকা শইকীয়াই।নিহাৰিকাই লাভ কৰে নগদ ৫১ হাজাৰ টকা,ট্ৰফী, পাঁচ গ্রাম সোণৰ মুদ্ৰা। একেদৰে 'বিহু কুঁৱৰী'ৰ  সন্মান লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড়ৰ নিবেদিতা বৰাই।নিবেদিতাই লাভ কৰে নগদ ৩১ হাজাৰ টকা,ট্ৰফী লগতে পাঁচগ্রাম সোণৰ মুদ্ৰা।

r
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে লতাশিল বিহু সন্মিলনী।বিচাৰকৰ বিহু সম্ৰাজ্ঞী নিৰ্বাচনৰ সিদ্ধান্তৰ বিৰোধিতা কৰে অন্যান্য ১১গৰাকী প্ৰতিযোগীয়ে।বঁটা প্ৰদান কৰি থকাৰ সময়তে লতাশিল বিহু সন্মিলনীৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনি দিয়ে অসন্তুষ্ট প্ৰতিযোগীসকলে।

bihu rani

তেওঁলোকৰ বক্তব্য যে বিচাৰকে ভুলকৈ ঘোষণা কৰিছে বিহু সম্ৰাজ্ঞীৰ ফলাফল।বিচাৰকে বিজয়ী ঘোষণা কৰা প্ৰতিযোগীয়ে যোজনা,তাল ভুল কৰা বুলি অভিযোগ উথাপন কৰে ১১ গৰাকী প্ৰতিযোগীয়ে।তেওঁলোকে দাবী জনায় পুনৰ প্ৰতিযোগিতা পাতি ফলাফল ঘোষণা কৰাৰ বাবে ।অন্যথা, লতাশিল বিহু সন্মিলনী বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে বিহু দলসমূহে।


উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে লতাশিল বিহু সন্মিলনীয়ে 'বিহু সম্ৰাজ্ঞী'ৰ বাবে প্ৰতিযোগী বাছনি কৰাৰ বাবে  অসমৰ তিনি ঠাইত অনুষ্ঠিত কৰিছিল বাচনি শিবিৰ।সেই বাচনি শিবিৰসমূহৰ পৰা ১২ গৰাকী প্ৰতিযোগীক নিৰ্বাচন কৰি মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰিছিল।

Your Comments