শিৱসাগৰৰ আখৈফুটিয়াবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি "নৈত নাৱৰ নাম"

sib

কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ

শিৱসাগৰৰ আখৈফুটিয়াবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি "নৈত নাৱৰ নাম" ।

ঐতিহাসিক শিৱসাগৰৰ আখৈফুটিয়া অঞ্চলবাসীয়ে ১১০ বছৰীয়া পৰম্পৰা অটুত ৰাখি সম্পন্ন কৰিলে নৈত নাৱৰ নাম। বহাগ মাহৰ প্ৰথমটো দিনত এই অঞ্চলটোৰ মাজেদি বৈ যোৱা দিচাং নদীৰ দুয়োপাৰে থকা কেইবাখনো গাঁৱৰ ৰাইজে কেইবাখনো নাও লগলগাই মাৰ নাও তৈয়াৰ কৰে। সেই মাৰ নাওত গাঁৱৰ ডেকা বুঢ়া সকলো নাৱত উঠি নদীৰ মাজত দিহা নাম পৰিবেশন কৰে। এইদৰে নদীৰ মাজেদি গৈ থাকোতে নিদিষ্ট ঘাট কেইটামানত ৰৈ তাত উপস্থিত থকা ৰাইজক আৰ্শীবাদ দিয়ে।sib2

দিহানামৰ দলটিৰ পৰা আৰ্শীবাদ লবলৈ নিদিষ্ট ঘাট কেইটামানত গাঁৱৰ ৰাইজ ৰৈ থাকে আৰু ঘাট পোৱাৰ লগে লগেই নাওখন চপাই দিয়ে আৰু নাৱৰ পৰা ভকত বৈষ্ণৱে ৰাইজক আৰ্শীবাদ দিয়ে। পহিলা বহাগৰ দিনা শিৱসাগৰৰ আখৈফুটিয়াৰ বালি ঘাট অঞ্চলত অনুষ্ঠিত হোৱা  এই পৰম্পৰা প্ৰায় ১১০ বছৰ ধৰি চলি আহিছে । 

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি স্বাধীনতা আগৰ পৰাই এই পৰম্পৰা চলি আহিছে। ২০০৯ চনত নৈত নাৱৰ নামৰ ১০০ বছৰীয়া অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰানীত। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে নাওত দিহানাম গাই যি দৰে বিভিন্ন স্থান ঘুৰি ফুৰিছিল, সেই আদৰ্শৰে অনুপ্ৰানীত হৈ আখৈখুটীয়া অঞ্চলৰ ৰাইজে এইদৰে নৈত নাৱৰ নাম অনুষ্ঠিত কৰি আহিছে।sib6

সেই সময়ত উক্ত অঞ্চলত কলিয়াবৰৰ গোঁসাইয়ে আখৈফুটীয়া এই বালি ঘাটৰ পৰাই নৈত নাৱৰ নামৰ পৰম্পৰা আৰম্ভ কৰিছিল। প্ৰথমৱস্থাত নৈত নাৱৰ নাম এই যাত্ৰাৰ এই অঞ্চলৰ পৰা ১২ কিলোমিটাৰৰ বাকচু অঞ্চললৈকে গৈছিল। জনসংখ্যা বৃদ্ধি আৰু ঘাটৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে  প্ৰতিটো ঘাটত ৰৈ ৰাইজক আৰ্শীবাদ দিবলৈ  সময়ৰ অভাৱ হোৱাৰ বাবে  নিদিষ্ট কিছুমান ঘাটত ৰখোৱাৰ ব্যৱস্থা কৰে। এই নাৱতেই অস্থায়ী ভাৱে ভাগৱতৰ আসন পাতি লয় আৰু তাতেই নাম লয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

Your Comments