![sibsagar](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-17%20at%2011.01.47%20PM.jpeg?itok=uUrfI0tx)
কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দ্বিতীয় বহাগৰ দিনা চহৰৰ ঐতিহাসিক বৰ্ডিং খেল পথাৰত আনুষ্ঠিত কৰা হয় মুকলি বিহু। পুৱা পতকা উত্তোলন কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্তই, বিহুৱান উত্তোলন কৰে মুকলি বিহুৰ উদযাপন সমিতিৰ সভাপতি ব্ৰজেন বড়াই আৰু স্বহীদ তৰ্পন কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। ইয়াৰ পিছতেই জ্যেষ্ঠজনৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয়। নগেন শইকীয়া, চন্দ্ৰেশৰ বৰুৱা আৰু অনুধূতী মহন্তক ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।
মুকলি বিহু আনুষ্ঠানিক ভাৱে মুকলি কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণমে।প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কেইবাঘন্টা পলমকৈ অনুষ্ঠিত হোৱা মুকলি বিহুখনিত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সাংস্কৃতিৰ লগতে বহুকেইটা খ্যাতনামা দলে বিহু হুঁচৰি প্ৰদৰ্শন কৰে।
মুকলি বিহুৰ লগত সংগতি ৰাখি জয়জ্যোতি গগৈ আৰু মুক্তাৱ হুছেইনৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “গুমচেং” নামৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয় অধ্যক্ষ ড°সাব্যসচী মহন্তই।
আনহাতে মুকলি বিহুস্থলিত আয়োজন কৰা বাটৰ কেনভাচ্ অসম সৃষ্টিৰ এক প্ৰয়াস শীৰ্ষক অনুষ্ঠানটিত কেইবাগৰাকীও খ্যাতনামা চিত্ৰশিল্পীয়ে চিত্ৰ অংকন কৰে।
সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ শ্ভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে। অনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোঁহাইয়ে।
- Log in to post comments
- 54 views