![brak](/sites/default/files/styles/article_detail/public/2019-04/WhatsApp%20Image%202019-04-17%20at%201.54.31%20AM.jpeg?itok=xb2KkOrK)
বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
আজি কাছাৰৰ কাটিগড়াত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে শিলচৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজদীপ ৰয়ৰ বাবে প্ৰচাৰ চলায়।
নিৰ্বাচনী সভাত সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাত শক্তিশালী কৰিবলৈ ৰয়ক বিজয়ী কৰিবলৈ আহ্বান জনায়।মুখ্যমন্ত্রীয়ে ৰাইজক উদ্দেশ্য কৰি কয়-'আপোনালোক আমাৰ মৰমৰ কাটিগড়াৰ ৰাইজে বিজেপিক একলাখ চল্লিশ হেজাৰ ভোট দিব বুলি আজিৰ সভাতে সংকল্প লওক। মোডীয়ে বৰাকৰ মানুহক ভাল পায়।উন্নয়নৰ জোৱাৰ ব'ব বৰাকত।'এই সভাৰ পিছতে হেলিকপ্টাৰেৰে মুখ্যমন্ত্রী সোণোৱাল সোনাইলৈ ৰাওনা হয়।
- Log in to post comments
- 21 views