লাহৰীঘাট থানাৰ আৰক্ষীয়ে বছৰৰ প্ৰথম দিনটোত কি কৰিলে ?

police bihu

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাত  পোনপ্ৰথমবাৰৰ বাবে কৰ্মৰত আৰক্ষী বিষয়াসকলে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উদযাপন কৰে । ৰাইজৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত লাহৰীঘাট আৰক্ষীৰ লোকসকলে অসমীয়া নতুন বছৰৰ প্ৰথমটো দিনত বিহু উদযাপন কৰা পৰিলক্ষিত হয় । police bihu


নিজৰ পৰিয়াল তথা ঘৰখনৰ পৰা বহু নিলগত থাকি নিজৰ কৰ্তব্যৰ মাজতে আৰক্ষীৰ বিহু উদযাপনে দৃষ্টি আকৰ্ষণ  কৰে সমগ্র লাহৰীঘাটবাসী ৰাইজৰ।থানা চৌহদত প্ৰায় সহস্ৰাধিক লোকে উপভোগ কৰে লাহৰীঘাট আৰক্ষীৰ বিহু।

Your Comments