পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰ উৰুকাত  নগাঁৱৰ  দীঘলী  বিলত  সমূহীয়া  মাছ ধৰা উৎসৱ 

PARAMPARA

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা,১৬ এপ্ৰিল

বিহুৰ  উৰুকাৰ  দিনা  চলি  অহা  সাতামপুৰুষীয়া  পৰম্পৰা  অক্ষুণ্ণ  ৰাখি এইবাৰো  নগাঁও  জিলাৰ  দীঘলী বিলত  নামিল  সহস্ৰাধিক  গঞা । এইসূত্ৰেই শনিবাৰে হাতে  হাতে  জাকৈ-খালৈ,প'ল,জাল,জুলুকী লৈ বিলত  সমূহীয়াভাবে  মাছ  ধৰিলে  ২০ খনৰো অধিক  গাঁৱৰ  ৰাইজে । এই  উদ্দেশ্যেই  জামুগুৰি, নমাটি, জাজৰি,চকলাঘাট, কুজীডাঁহ, মেধিচুক, মাজগাঁও, ক্ষেত্ৰীগাঁও, গজপুৰীয়া,খাটোৱাল, চাউলখোৱা,দৰঙীয়াল,বৰডুবিয়া,ফুলনিআটি,ন-ভেটি টোকোৰাবাহী,পুখুৰীপাৰ,শিমলুতল,ৰাইদঙীয়া, কমাৰচুক,ৰজাগাঁও আদিকে  ধৰি  দাঁতি কাষৰীয়া  বিভিন্ন স্থানৰ পৰা  মাছ ধৰাৰ বাবে দীঘলী বিলত  উপস্থিত হয়  গঞা ৰাইজ ।উক্ত দিনা সমূহীয়া মাছ ধৰা পৰ্ব  উপলক্ষে দীঘলী বিলৰ  দুয়োপাৰে  এক  উদুলি-মুদুলি  পৰিবেশৰ সৃষ্টি  হয় । কোনবাই যদি শ'ল-বৰালি,কোনোবাই পালে  আকৌ  পুঠি-খলিহনা,কোনোবা আকৌ সন্তুষ্ট  থাকিব লগা  হ'ল কেকোঁৰা-কুচিয়াত । মাছ ধৰাৰ সমান্তৰালভাৱে  একাংশ গঞাই  বিহু গীত জুৰি,নৃত্য কৰি  আনন্দত আত্মহাৰা হৈ পৰা  পৰিলক্ষিত  হ'ল । উল্লেখযোগ্য যে  যুগ যুগ ধৰি  প্ৰতি বছৰে ব'হাগ আৰু  মাঘ  বিহুৰ উৰুকাৰ দিনা হাতীচোং মৌজাৰ  এই  20খনৰো  অধিক গাঁৱৰ  ৰাইজে  পৰম্পৰাগতভাৱে  পালন কৰি  আহিছে  সমূহীয়া মাছ  ধৰা

Your Comments