পহিলা বহাগৰ দিনা বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হল এচিয়াৰ প্ৰথম পেভেলিয়ান ৰংঘৰ বাকৰি ।

protest

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোঁহাই


পহিলা বহাগৰ দিনা বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতেৰে মুখৰিত হল এচিয়াৰ প্ৰথম পেভেলিয়ান ৰংঘৰ বাকৰি ।

এচিয়াৰ প্ৰথমটো পেভেলিয়ান শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজি পহিলা বহাগৰ দিনা অনুষ্ঠিত হয় ৰঙালী বিহু সন্মিলন। পৌৰাণিক ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমতিয়ে বিগত আঠটা বছৰে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত কৰি আহিছে মুকলি বিহু। ৰংপুৰৰ নাচনীয়ে আজি প্ৰাণঢালি নাচিলে পাহোৱাল ঢুলীয়া ডেকাৰৰ ঢোলৰ চাপৰত। ঢুলিয়াৰ ঢোলৰ চাপৰত আৰু নাচনীৰ নাচোনত প্ৰাণচঞ্চলা হৈ পৰে ৰংঘৰৰ বাকৰি।rangf ghar 

পুৱা স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা বৃহত্তৰ ৰংঘৰ ৰঙালী সন্মিলনৰ স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়া আৰু সাধাৰণ সম্পাদক বসন্ত গগৈয়ে। ইয়াৰ পিছতেই ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকি স্বৰ্গদেউক এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰৰ বাকৰিলৈ অনা হয়।  সাংস্কৃতিক শোভাযাত্ৰৰ উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী গংগাপ্ৰসাদ বুঢ়াগোহাঁইয়ে। ৰংঘৰত প্ৰতীকি স্বৰ্গদেউক আসনৰ বহুৱাৰ পিছতেই ৰঙালী বিহু সন্মিলনীৰ বাৰেৰহনীয়া  সাংস্কৃতিক কাৰ্যসূচীৰ  আৰম্ভ হয়। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন  কৰে অসমৰ প্ৰখ্যাত বোলছবি অভিনেতা প্ৰাঞ্জল  শইকীয়াই।  সাংস্কৃতিক অনুষ্ঠানত হুঁচৰি পৰিবেশন কৰাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰে। তাই আহোম, মিচিং, মেছ কছাৰী নৃত্যই ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে। অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবিন, দেৱজিত বড়া, জোন জোনাকে গীত পৰিবেশন কৰাৰ লগতে প্ৰাঞ্জল শইকীয়া, অমৃতা গগৈ, সুনীতা কৌশিক,  সুৰভি ফুকন, মাধৱ ৰঞ্জন গগৈৰ লগতে আন ভালেকেইগৰাকী শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে।rang

ইফালে ঐতিহাসিক ৰংঘৰত অনুষ্ঠিত মুকলি বিহু উপভোগ কৰিবলৈ আজি ৰংঘৰ বাকৰি লোকেলোকাৰণ্য হৈ পৰে ৷ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন দেশৰ দেশী-বিদেশী পৰ্যটকে উপভোগ কৰে  চাওলুঙ চুকাফাৰ সাতৰাজ সামৰি একৰীজ কৰা নীতিকেই অনুসৰণ কৰি পহিলা বহাগৰ দিনা অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক অসমবাসীৰ আগত পৰিবেশন কৰি আহিছে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে।

Your Comments