চেঙাত ক্ৰিকেটত গুৱাহাটী মেট্ৰো চেম্পিয়ন

senga

চেঙাৰ পৰা সুৰজিৎ পাঠকঃ ১৩ এপ্ৰিল:
 বৰপেটা জিলাৰ চেঙাৰ বেচিক খেলপথাৰত চলি থকা   প্ৰাইজমানি ট্ৰফী ক্ৰিকেট খেল প্ৰতিযোগিতাৰ শনিবাৰে  অনুষ্ঠিত  চূড়ান্ত  খেলখনত গুৱাহাটী মেট্ৰো দলে ৪ উইকেটত সৰ্থেবাৰীৰ চাৰ্ক ইলিভেনক পৰাস্ত কৰি চেম্পিয়ন হয় । টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰে গুৱাহাটী মেট্ৰো দলে । প্ৰথমে বেটিং কৰি চাৰ্ক ইলিভেন দলে ১৫ অভাৰত ৯১ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত গুৱাহাটী মেট্ৰো দলে ১০ অভাৰত ৬ উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰি চেম্পিয়ন হয় । প্ৰথম পুৰস্কাৰ ট্ৰফীসহ নগদ ৪০,০০১ টকা গুৱাহাটী মেট্ৰো দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় পুৰস্কাৰ ট্ৰফীসহ  নগদ ২৫,০০১ টকা লাভ কৰে চাৰ্ক ইলিভেন দলে ।senga2

দ্বিতীয় পুৰস্কাৰৰ দাতা ইলিয়াছ আলীয়ে চাৰ্ক ইলিভেনক বঁটা প্ৰদান কৰে।চেঙা আঞ্চলিক উদীয়মান যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপ দলৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইনে । বিশিষ্ট অতিথি হিচাপে চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া,বিজেপিৰ  বৰপেটা জিলা সমিতিৰ সভাপতি- সম্পাদক ক্ৰমে শংকৰ চন্দ্ৰ দাস আৰু নৱ কুমাৰ দাসৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

উল্লেখ্য যে উদ্বোধনী সভাত উপস্থিত থকা বিশিষ্ট অতিথিসকলক সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা বৰপেটা জিলা সমিতিৰ সম্পাদক চলমান হুছেইনে সম্বৰ্ধনা জ্ঞাপন কৰে । চূড়ান্ত খেলখনত মেন অফ দ্যা মেচৰ সন্মান লাভ কৰে গুৱাহাটী মেট্ৰো দলৰ সমীৰণে ।আনহাতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে দীপক তালুকদাৰে ।

Your Comments