ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি  সন্মান কঢ়িয়াই আনিছে নগাঁৱৰ বিদুৎ বৰাই

wait lift

ৱাহিদুদ জামান,নগাঁও:১৩এপ্ৰিল:ৰাষ্ট্ৰীয় শক্তি উত্তোলনপ্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতৰ ভিতৰত  প্ৰথম স্থান সহ সোণৰ পদক  অৰ্জন কৰি নগাঁও জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ পশ্চিম জলাহৰ কলেজীয়া ছাত্ৰ বিদুৎ বৰাই।" নেচনেল পাৱাৰ লিফটাৰ্ছ ফেডাৰেচন  ইণ্ডিয়া"য়ে আয়োজন কৰা পশ্চিমবঙ্গৰ হাওৰাত যোৱা ৬ এপ্ৰিলত অনুষ্ঠিত প্ৰতিযোগিতা খনিৰ ১২০কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি নগাঁও জিলাৰ  বিদুৎ বৰাই  জিলা খনৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।wait lift2

উল্লেখ্য যে, মুকুল চন্দ্ৰ বৰা আৰু দুলুমনি বৰাৰ পুত্ৰ বিদুৎ বৰাই প্ৰথমে জিলা পৰ্যায়ৰ ,ইয়াৰ পিছত ৰাজ্যিক পৰ্যায়ৰ শক্তি উত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহন কৰি বিভিন্ন পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।পৰৰ্বতী সময়ত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰি  ভাৰতবৰ্ষৰ ভিতৰত  সোণৰ পদক সহ প্ৰথম স্থাল লাভ কৰিবলৈ সক্ষম হয়।wait lift 3

ননৈ মহাবিদ্যালয়ত  স্নাতক দ্বিতীয় ষাণ্মাসিক ছাত্ৰ বিদ্যুত বৰাই  শক্তি উত্তোলন প্ৰতিযোগিতাৰ যোগেদিয়েই নিজৰ উপাৰ্জনৰ পথ বাছি লব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সাম্প্ৰতি তেওঁ ওজন উত্তোলন(power lifting) প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবৰ বাবেও প্ৰশিক্ষণ লৈ আছে বুলি জানিবলৈ দিয়ে।

 

Your Comments