কোকৰাঝাৰত মোৰ প্ৰতিদ্বন্দ্বী কোনো নাই:-- সাংসদ নৱ কুমাৰ শৰণীয়া

HIRA


জালাহৰ পৰা গুঞ্জন দাস
 ২০১৪ চনৰ আগত বি টি এ ডি ত বসবাস কৰা অবড়ো লোকসকলৰ মাজত কিছুমান দুষ্টচক্ৰই সন্ত্ৰাস সৃষ্টি কৰিছিল। কিন্তু মই নিৰ্বাচিত হোৱাৰ পাছত সেইসকল লোকৰ একনায়কত্ববাদ নোহোৱা হৈছে আৰু আমাৰ মাজত বিভাজন কৰাৰ বাবে উঠিপৰি লাগিছে। কিন্তু অবড়ো ৰাইজ আজি একত্ৰিত হৈ নিজৰ জীৱন আৰু সম্পত্তিৰ অধিকাৰৰ বাবে সচেতন হৈছে।"  বাক্সাৰ জালাহত সন্মিলিত জনগোষ্ঠীয় সঙগ্ৰাম সমিতিৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি ৫ নম্বৰ কোকৰাঝাৰ সমষ্টিৰ সন্মিলিত জনগোষ্ঠীয় সঙগ্ৰাম সমিতিৰ উমৈহতীয়া প্ৰাৰ্থী তথা সাঙসদ নৱ কুমাৰ শৰণীয়াই এইদৰে কয়।

তেওঁ লগতে কয় যে অহা ২৩ এপ্ৰিলৰ নিৰ্বাচনত তেওঁ বিপুল ভোটত জয়লাভ কৰিব আৰু ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই দ্বিতীয় স্থানত আৰু বিজেপি,অগপ আৰু বিপিএফ ৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই তৃতীয় স্থানতহে থাকিব। তেওঁ অবড়ো নেতা যোগেশ্বৰ কলিতাক ছদ্মবেশী নেতা বুলি অভিহিত কৰে আৰু বৰ্তমান তেওঁ শব্দ ৰাভাৰ লগ হৈ চিপৰাঙ মৰা কামত ব্যস্ত হোৱা বুলি উল্লেখ কৰে । এই চেগতে তেওঁ অবড়ো লোকসকলক ২০২০ চনত অনুষ্ঠিত হবলগীয়া বি টি এ ডি নিৰ্বাচনৰ বাবে সাজু হবলৈও ৰাইজক আহ্বান জনায়।সভাত দিহিৰা সমষ্টিৰ এম চি এল এৰ লগতে কেবাগৰাকীও কেন্দ্ৰীয় অবড়ো নেতা উপস্থিত থাকে। ইয়াৰ আগেয়ে আয়তীসকলে নাম প্ৰসঙ্গ আৰু গা‌য়ন-বায়নেৰে অবড়ো লোকসকলে শৰণীয়াক জালাহঘাট বজাৰ পৰিভ্ৰমণ কৰাই আদৰি নিয়ে

Your Comments