নিৰ্বাচনৰ লগতে আকৌ 'ৰঙালী'

press meet

অসমৰ বাৰেৰহনীয়া জাতি- জনগোষ্ঠীক একত্ৰিত কৰি তেওঁলোকৰ কলা-কৃষ্টি প্ৰদৰ্শনৰে  বৰ অসমৰ ধাৰণাটোক জীপাল কৰাৰ লক্ষ্যৰে বিগত চাৰি বছৰৰ দৰে এইবাৰো পঞ্চম 'ৰঙালী'ৰ আয়োজন কৰা হৈছে। অহা ৫, ৬ আৰু ৭ এপ্ৰিল তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ সোণাৰাম হাইস্কুল খেল পথাৰত অনুষ্ঠিত হ'ব পঞ্চম বাৰ্ষিক ৰঙালী অনুষ্ঠানৰ। বুধবাৰে এখন সংবাদমেলযোগে এই  ঘোষণা কৰে ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই। 
     

সংবাদমেল খনত উপস্থিত থাকে অসমৰ জনপ্ৰিয় গায়িকা জুৱলী বৰুৱা, বিশিষ্ট ঢোলবাদক প্ৰসন্ন গগৈ, অভিজিত পুৰকায়স্থ।  'ৰঙালী'ৰ মুখ্য আয়োজক শ্যামকানু মহন্তই কয় যে এইবাৰৰ এই উৎসৱমূলক অনুষ্ঠানটোত উত্তৰ-পূৰ্বাঞ্চলৰ  বিভিন্ন জনগোষ্ঠীয় নৃত্য- গীত প্ৰদৰ্শনৰ  উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ পোন্ধৰজোৰা হুঁচৰিয়ে প্ৰতিযোগিতামূলকভাৱে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে নগদ ধন আৰু পুৰস্কাৰো প্ৰদান কৰা হ'ব । ৰঙালীৰ এই তিনিদিনীয়া কাৰ্যসূচীত অসমৰ বাৰেৰহনীয়া কলা- কৃষ্টি তথা জাতি-জনগোষ্ঠীৰ নৃত্য-গীতৰ লগতে মিজোৰামৰ চেৰাউ নৃত্য , মণিপুৰৰ ঠাংদা,ত্ৰিপুৰাৰ হুজাগিৰী আৰু নাগালেণ্ডৰ নাগা ৱাৰিঅ'ৰ নৃত্য প্ৰদৰ্শনৰ লগতে ইয়াত সমাহাৰ ঘটিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা খাদ্যৰ। 
 

এইবাৰৰ ৰঙালীৰ মূল লক্ষ্য হ'ল নৱপ্ৰজন্ম আৰু পৰ্য্যটক। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় সংগীতসমূহৰ লগতে হিপহপ, ৰেপ মিউজিক ,ৰ'ক মিউজিকৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। 
 ৬ এপ্ৰিল তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, পাপন আৰু জনপ্ৰিয় গায়িকা জুবলীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। 
'ৰঙালী'ৰ দ্বিতীয় দিনা অৰ্থাৎ ৬ এপ্ৰিল তাৰিখৰ সন্ধিয়া নিলোৎপল আৰু অভিজিতৰ সোঁৱৰণত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। য'ত নিলোৎপলে নিজে অংকন কৰা কিছু ছবি প্ৰদৰ্শন কৰা হ'ব।

Your Comments