আন্তঃৰাষ্ট্ৰীয় কাৰাটেত উজলিল ৰঙিয়াৰ মাৰ্চিহা

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত উজলিল ৰঙিয়াৰ মাৰ্চিহা

যোৱা ২৮ আৰু ২৯ জুলাইত কলকাতাৰ নেতাজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চতুৰ্থসংখ্যক আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰঙিয়া কাৰাটে ড' একাডেমীৰ সদস্য মাৰ্চীহা কাঞ্জে এটা সোণৰ পদক আৰু এটা ৰূপৰ পদক পাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে এই প্ৰতিযোগিতাখনত ইৰাণ, নেপাল, শ্ৰীলংকা, বাংলাদেশ, মালেছিয়া, ম্যানমাৰ, ওমান ,ভূটান, কাজখাস্তান আদিকে ধৰি সৰ্বমুঠ ১২ দেশৰ ৩৮০০ প্ৰতিযোগীয়ে যোগদান কৰিছিল ৷

আন্তঃৰাষ্ট্ৰীয় কাৰাটেত উজলিল ৰঙিয়াৰ মাৰ্চিহা

অসমৰ এগৰাকী অন্যতম সম্ভাৱনাময় মাৰ্চীহা কাঞ্জে চলিত বৰ্ষৰ মে' মাহত মহাৰাষ্ট্ৰৰ খাণ্ডালাত হৈ যোৱা ৰাষ্ট্ৰীয় কৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে ব্লেক বেল্ট পৰীক্ষাও উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল ৷ মাৰ্চীহা কাঞ্জ ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ তথা প্ৰশিক্ষক মাজহাৰুল ইছলাম আৰু শিক্ষয়িত্ৰী কুন্তলা চৌধুৰীৰ একমাত্ৰ কন্যা ৷

Your Comments