বান পৰিস্থিতিঃ মুখ্য মন্ত্ৰীৰ জৰুৰী নিৰ্দেশ

বান পৰিস্থিতিঃ মুখ্য মন্ত্ৰীৰ জৰুৰী নিৰ্দেশ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানপ্ৰৱণ এলেকাত ওখ গৃহ নিৰ্মাণৰ দৰে উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিছে ৷ ৰাজ্যখনৰ ৬খন জিলাক আক্ৰান্ত কৰা শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণেোৱালে এই নিৰ্দেশ দিয়ে ৷ জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত মুখ্য মন্ত্ৰীয়ে কয় যে বানপ্ৰৱণ এলেকাসমূহত ওখ গৃহসমূহত বানাক্ৰান্তসকলে নিৰাপদ আশ্ৰয় গ্ৰহণ কৰিব পাৰে ৷

মুখ্য মন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক বানপ্ৰৱণ এলেকাসমূহত ওখ গৃহ নিৰ্মাণৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে ৷ এই ওখ গৃহসমূহক বহুমুখী উপযোগিতা পূৰণৰ লগতে বানপানীৰ সময়ত আশ্ৰয় গৃহ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব ৷ বানপানী নথকা সময়ছোৱাত এই গৃহসমূহত সামাজিক-সাংস্কৃতিক তথা সামূহিক কাৰ্যত ব্যৱহাৰ কৰিব পৰা যাব ৷ মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনৰ মথাউৰিসমূহক পথ হিচাপে উন্নীতকৰণেৰে এইসমূহৰ শক্তিশালীকৰণৰ এক চানেকি প্ৰাক্‌কলন প্ৰস্তুত কৰাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে জুনৰ ১৩ তাৰিখৰ পৰা আজিলৈকে ৰাজ্যখনে দুটা বানপানীৰ সন্মুখীন হৈছে ৷ এই বানৰ ফলত ১৬৩খন গাঁৱৰ ১০.৯৯ লাখ জনসাধাৰণ আক্ৰান্ত হৈছে ৷ আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক বানাক্ৰান্ত অঞ্চলসমূহৰ উদ্ধাৰ আৰু সাহায্য বিতৰণৰ কামসমূহ নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ সৈতে সঘনাই যোগাযোগ স্থাপন কৰাৰ বাবেও নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে এতিয়ালৈকে বানাক্ৰান্ত অঞ্চলসমূহত ৩৮৮টা সাহায্য শিবিৰকে ধৰি ৪৪০টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ মুখ্য মন্ত্ৰীয়ে আজিৰ বৈঠকতে এছ ডি আৰ এফৰ জোৱানসকলক আধুনিক সা-সঁজুলি প্ৰদানৰ উপৰি ৰাজ্যখনত আৰু দুটা এছ ডি আৰ এফ বাহিনী গঠনৰ কথা কয় ৷

উল্লেখ্য যে বানপানীৰ ফলত ৰাজ্যখনত বৰ্তমানলৈকে ৪১গৰাকী লোকে প্ৰাণ হেৰুৱাইছে৷ মুখ্য মন্ত্ৰীয়ে বানপানীৰ সময়ত নিহত হোৱা ব্যক্তিসকলৰ নিকটাত্মীয়লৈ ৪৮ ঘণ্টাৰ ভিতৰত একাকালীন সাহায্যৰ পুঁজি আগবঢ়োৱাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে ৷ মুখ্য মন্ত্ৰীয়ে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক বিভিন্ন বিভাগৰ লগত সমন্বয় গঢ়ি কৃষি বিভাগৰ সৈতে জিলাৰ মেপিং কৰিবলৈ নিৰ্দেশ দিয়ে ৷ যাতে ৰাজ্যখনৰ ২৭ লাখ কৃষকক তিনিটা পৰ্যায়ত নিৰূপণ কৰি বাৰিষাৰ কালছোৱাত হোৱা ক্ষয়-ক্ষতিৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা কৃষি কাৰ্যৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায় ৷

মুখ্য মন্ত্ৰীয়ে যিকোনো পৰিস্থিৰ মোকাবিলা কৰিব পৰাকৈ ২৪ ঘণ্টাই নিৰীক্ষণ অব্যাহত ৰখা আৰু বানপানীৰ বিভিন্ন পৰিসংখ্যা সংগ্ৰহ কৰিবলৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিয়ে ৷ আজিৰ এই বৈঠকত জলসিঞ্চন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদ, গড়কাপ্তানি বিভাগৰ আয়ুক্ত আৰ কেম্প্ৰাই, কৃষি বিভাগৰ আয়ুক্ত সচিব অম্লান বৰুৱাৰ লগতে অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

Your Comments