বহিঃৰাষ্ট্ৰৰ চোৰাং তামোলে চাহিদা কমাইছে থলুৱা তামোলৰ : চিন্তাত পৰিছে ক্ষুদ্ৰ তামোল ব্যৱসায়ীসকল 

ূককক

হাউলীৰ পৰা দিদাৰ হুছেইন
নামনি অসমৰ বৰপেটা জিলাৰ হাউলী চুপাৰী নগৰ হিচাপে খ্যাত যদিওঁ যোৱা ২/৩ বছৰে ইয়াৰে থলুৱা তামোল ব্যৱসায়ীসকলে লোকচান ভৰিবলগীয়া হোৱাটো নিত্য নৈমিত্তিক হৈ পৰিছে। হাউলী অঞ্চলৰ গৰিষ্ঠ সংখ্যক লোকে নিজৰ প্ৰচেষ্টাৰে গঢ় দিয়া উদ্যোগবোৰৰ জৰিয়তে স্বাৱলম্ভীতা হ'বলৈ সক্ষম হ'ব হৈছিল৷

্্ে

কিন্তু ছহিদুল, জাফৰ, ছাজাহান, মইনুল আৰু একাংশ চোৰাং ব্যৱসায়ীসকলে প্ৰশাসনৰ চকুত ধূলি মাৰি বহিঃৰাষ্ট্ৰ সুদূৰ ম্যানমাৰৰ পৰা ট্ৰাকে ট্ৰাকে শুকান তামোল নামনি অসমৰ বিভিন্ন বজাৰ লগতে হাউলীতো চোৰাংভাৱে ব্যৱসায় কৰি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। ফলত থলুৱা চিকণী তামোল ব্যৱসায়ীয়ে উচিত মূল্য নাপায় অধিক লোকচানৰ সন্মুখীন হৈ লাভৰ পৰা বঞ্চিত  হৈ মূৰে-কপাঁলে হাত দিব লগিয়া হৈছে।

বিগত বৰ্ষত ক্ষুদ্ৰ ব্যৱসায়ীসকলে কমেও ৫ লাখৰ পৰা ১০ লাখ পৰ্যন্ত লোকচানৰ বোজা লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ প্ৰশাসনীয় বিভাগে এই বহিঃৰাষ্ট্ৰ ম্যানমাৰৰ চোৰাংভাৱে অহা তামোল বন্ধ কৰিবলৈ লগতে চোৰাং ব্যৱসায়ী সকলক অচিৰেই নাকী লগাবলৈ থলুৱা তামোল ব্যৱসায়ীসকলে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Your Comments