অজিত ডোভালৰ ৰণকৌশলৰ ওপৰত আস্থা প্ৰকাশ প্ৰধান মন্ত্ৰীৰ

অজিত ডোভালৰ ৰণকৌশলৰ ওপৰত আস্থা প্ৰকাশ প্ৰধান মন্ত্ৰীৰ

অজিত ডোভাল৷ পুলৱামাৰ আক্ৰমণৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা এইগৰাকী ডোভালৰ ৰণকৌশলৰ ওপৰতে এতিয়া ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী অভিযানৰ সফলতা বহুখিনি নিৰ্ভৰ কৰিছে৷ ইতিপূৰ্বে কেইবাটাও সফল ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় চোৰাংচোৱা অভিযানৰ নায়ক অজিত ডোভাল৷ পঞ্জাবত অপাৰেচন ব্লু ষ্টাৰ, মিজোৰামত উগ্ৰপন্থী দমনত সফলতা অৰ্জন কৰিছিল ডোভালে৷ আনকি পাকিস্তানতো কে'বা বছৰ ছদ্মবেশত থাকি দেশখনৰ সামৰিক-ৰাজনৈতিক খবৰ ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিল এইজন ডোভালে৷ এতিয়া প্ৰধান মন্ত্ৰী মোডীয়ে ডোভালৰ ৰণকৌশলৰ ওপৰতে পুনৰ আস্থা স্থাপন কৰিছে৷

মোডীৰ বিশ্বাস, ডোভালৰ ৰণকৌশলৰ আধাৰতে কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনসমূহৰ ওপৰত নিৰ্ণায়ক আঘাত কৰিব পৰা যাব৷ পুলৱামাৰ আক্ৰমণৰ পিছতেই অজিত ডোভালৰ সৈতে আলোচনাত বহে প্ৰধান মন্ত্ৰী মোডী৷ প্ৰধান মন্ত্ৰী দপ্তৰত এই বৈঠকখন অনুষ্ঠিত হয়৷ বৈঠকত ডোভালৰ তিনিগৰাকী সহকাৰীৰ লগতে প্ৰধান মন্ত্ৰী দপ্তৰৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে৷ বৈঠকৰ পিছতেই ডোভালে সন্ত্ৰাসবাদবিৰোধী পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়ে৷ তেওঁ চিআৰপিএফৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ পৰা কাশ্মীৰৰ পৰিস্থিতিৰ প্ৰতিমুহূৰ্তৰ খবৰ লৈ আছে৷

ইফালে আজি পুলৱামা আৰু দাঁতিকাষৰীয়া গ্ৰামাঞ্চলত তীব্ৰ অভিযান আৰম্ভ কৰিছে সুৰক্ষা বাহিনীয়ে৷ পূৰ্বৰ অভিযানতকৈ এইবাৰৰ সন্ত্ৰাসবাদবিৰোধী অভিযান বিশেষ প্ৰকাৰৰ হৈছে৷ প্ৰধান মন্ত্ৰী মোডীয়েও সুৰক্ষা বাহিনীক অভিযান চলোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে৷ এনে অভিযানসমূহৰ আঁৰত অজিত ডোভালৰ ৰণকৌশল আছে বুলি নিশ্চিতভাৱে ক'ব পৰা যায়৷

Your Comments