ভাওনা সমাৰোহক কেন্দ্ৰ কৰি উদুলি-মুদুলি নেহেৰুৱালিৰ ভক্তিস্থল 

s

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহেৰুৱালিত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ভাওনা সমাৰোহৰ আজি দ্বিতীয় দিনা পুৱা উষা প্ৰসংগৰে কাৰ্যসূচীৰ পাতনি মেলে। ইয়াৰ পিছতে ধৰ্ম ধ্বজা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক তথা শংকৰী কলা কৃষ্টিৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে। ধৰ্ম ধ্বজা উত্তোলন কৰি দিয়া ভাষণত মজুমদাৰে কয় যে, শংকৰদেৱ ভাগ ভাগ হৈ থকা অসমীয়া সমাজখনক ধৰ্ম আৰু সংস্কৃতিৰে ঐক্যবদ্ধ কৰি তুলিছিল।

কিন্তু পৰৰ্ৱতী সময়ত অসমীয়া সমাজখনক ঐক্যবদ্ধ কৰি ৰখাৰ বাবে যি চৰ্চা হ'ব লাগিছিল সেয়া হৈ নুঠিল। শংকৰদেৱৰ চৰ্চা অবিহনে অসমীয়া সমাজখন শক্তিশালী হ'ব নোৱাৰে। অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয়, এতিয়া বাহিৰৰ পৰা যিসকলক আনিব বিছৰা হৈছে, তেওঁলোকে অসমীয়া জাতিৰ বাবে একো নকৰে।

অসমত এতিয়াও দুটা ভাষা চলি থকা কথা উল্লেখ কৰি তেওঁ বৰাকত এতিয়াও অসমীয়া ভাষা প্ৰচলন কৰিব নোৱাৰাৰ বাবে চৰকাৰক কঠোৰ সমালোচনা কৰে। সাহিত্যিক জ্ঞানদা বৰা, গুণ মহন্ত, দেৱকান্ত মহন্ত, হেমচন্দ্ৰ গোস্বামী আদিৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাওনা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ দুৰ্লভ চমুৱা আৰু লেখক-অধ্যাপক মাধুৰ্য মণ্ডিত বৰুৱাই শ্ৰদ্ধা তৰ্পন কৰে। দুপৰীয়া নাম প্ৰসংগ, দিহানাম আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সন্ধিয়া স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ পিছত ভাওনাৰ খোলা উদ্বোধন কৰে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই । নিশা সাতখন খোলাত সাতখন অংকীয়া ভাওনা মঞ্চস্থ হয়। এই ভাওনা সমাৰোহক কেন্দ্ৰ কৰি নেহেৰুৱালিৰ ভক্তিস্থলত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। কাইলৈ ভাওনা সমাৰোহৰ অন্তিম দিনা দিনজোৰা কাৰ্যসূচীৰৰ অন্তত সাতখন খোলাত কেলিগোপাল নাট প্ৰদৰ্শন কৰা হ'ব।
 

Your Comments