উত্তৰ প্ৰদেশ-উত্তৰাখণ্ডত বিষাক্ত সুৰা সেৱনত মৃত্যুৰ সংখ্যা ১০৯ লৈ বৃদ্ধি

1

উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আজি ১০৯ জনলৈ বৃদ্ধি পাইছে।শনিবাৰে উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰৰ পৰা উত্তৰাখণ্ডলৈ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানলৈ গৈছিল একাংশ ব্যক্তি।তাতে তেওঁলোকে বিষাক্ত সুৰা সেৱন কৰি ওভতি আহে আৰু অসুস্থ হৈ মৃত্যুমুখত পৰিবলৈ ধৰে।

আনহাতে,ছাহাৰানপুৰৰ পৰা যোৱা এজন ব্যক্তিয়ে উত্তৰাখণ্ডৰ পৰা কিছু বিষাক্ত সুৰাৰ পেকেট লৈ আহে আৰু সেয়া সেৱন কৰিও  ছাহাৰানপুৰৰ ১৪ খন গাৱঁত মানুহৰ মৃত্যু হ'বলৈ ধৰে।তৎকালে চিকিৎসা নোপোৱাৰ বাবে বহু লোকৰ মৃত্যু ঘটে।বৰ্তমানলৈ ছাহাৰানপুৰত ৪৬ জন,মিৰাটত ২৩ জন আৰু কুশীনগৰত ৮ জন লোকৰ মৃত্যু হৈছে।উত্তৰাখণ্ডত  এতিয়ালৈকে ৩২ জন ব্যক্তিৰ মৃত্যু হৈছে।

এই ঘটনাৰ পিছত শনিবাৰৰ পৰা উত্তৰ প্ৰদেশ চৰকাৰে ব্যাপক দেশীয় অবৈধ সুৰা বিৰোধী অভিযান চলাইছে।বৰ্তমানলৈকে উত্তৰ প্ৰদেশত ১৭৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।ছাহাৰানপুৰত ১০ জন আৰক্ষীক নিলম্বিত কৰা হৈছে।

Your Comments