অৰুণাচলত দূৰদৰ্শন কেন্দ্ৰ অৰুণ প্ৰভা মুকলি প্ৰধান মন্ত্ৰীৰ : কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

অৰুণাচলত দূৰদৰ্শন কেন্দ্ৰ অৰুণপ্ৰভা মুকলি প্ৰধান মন্ত্ৰীৰ : কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱা অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয়৷ ইটানগৰত তেওঁ দূৰদৰ্শন কেন্দ্ৰ অৰুণ প্ৰভা মুকলি কৰে৷ লগতে চেলা সুৰংগ, হোলেঙি গ্ৰীণ ফিল্ড বিমনাবন্দৰ, এফ টি টি আইৰ স্থায়ী ভৱনকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইটানগৰত জনসভাক সম্বোধন কৰি প্ৰধান মন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে বৰ্তমান এন ডি এ চৰকাৰৰ কাৰ্যকালত অৰুণাচল প্ৰদেশৰ উন্নয়ন ত্বৰান্বিত হৈছে৷ বৰ্তমান অৰুণাচল প্ৰদেশৰে দেশৰ অন্যান্য অঞ্চলৰ ৰে'ল আৰু বিমান যোগাযোগৰ উন্নতি ঘটিছে৷

অৰুণাচলত দূৰদৰ্শন কেন্দ্ৰ অৰুণপ্ৰভা মুকলি প্ৰধান মন্ত্ৰীৰ : কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপন

ভাষণ প্ৰসংগত তেওঁ সম্পূৰ্ণ অৰুণাচল ৰে'ল পথেৰে সংযুক্ত হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ পূৰ্বৰ চৰকাৰৰ ৫৫ বছৰীয়া শাসনকালত অৰুণাচলৰ যিমান উন্নতি হৈছিল এন ডি এ চৰকাৰৰ ৫৫ মাহত তাৰ দুগুণ উন্নয়ন হৈছে বুলিও প্ৰধান মন্ত্ৰীয়ে উল্লেখ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হ'লেহে নতুন ভাৰতৰ ধাৰণা সুদৃঢ় হ'ব বুলি তেওঁ মন্তব্য কৰে৷ ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰীয়ে চলিত বৰ্ষৰ বাজেটত দেশৰ কৃষকৰ উন্নয়নৰ বাবে থকা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে অৰুণাচলৰ কৃষকসকলো লাভান্বিত হ'ব বুলি কয়৷ উল্লেখ্য যে আজি প্ৰধান মন্ত্ৰীয়ে অৰুণাচলত মুঠ ৪ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

Your Comments