লবীকেন্দ্ৰিক ৰাজনীতিৰ মাজতো কংগ্ৰেছৰ দখলত বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত

 লবীকেন্দ্ৰিক ৰাজনীতিৰ মাজতো কংগ্ৰেছৰ দখলত বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

অসম পঞ্চায়ত আইন, ১৯৯৪ চনৰ ধাৰা ৩৭, উপ-বিধি ১ আৰু অসম পঞ্চায়ত (গঠন) নিয়মাৱলী, ১৯৯৫ চনৰ বিধি নং ৪৮ অনুসৰি আজি বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ প্ৰথমখম বৈঠক অনুষ্ঠিত হয়৷ সভাখন পৰিচালনা কৰে কাৰ্যবাহী দণ্ডাধীশ তথা ডবকাৰ ৰাজহ চক্ৰ বিষয়া অনুসুয়া শৰ্মাই৷ সভাখনত প্ৰথমে আঞ্চলিক পঞ্চায়তলৈ নিৰ্বাচিত ২৪গৰাকী সদস্য পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে৷ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাৰ অন্তত সভাপতি আৰু উপ-সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয়৷

বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত গঠন প্ৰক্ৰিয়াত কংগ্ৰেছে দলে এককভাৱে সভাপতি, উপ-সভাপতি নিৰ্বাচিত কৰিব পৰাকৈ পৰ্যাপ্ত ভোটৰ সংখ্যা আছিল যদিও এটা সময়ত কংগ্ৰেছৰ আভ্যন্তৰত ব্যাপক লবীকেন্দ্ৰিক ৰাজনীতিয়ে দেখা দিয়ে৷ ফলশ্ৰুতিত সমষ্টিটোত সক্ৰিয় হৈ থকা কংগ্ৰেছ দলৰ দুটা লবীয়ে পৃথকে পৃথকে আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতিৰ বাবে নিজাবীয়াকৈ দুগৰাকীকৈ প্ৰাৰ্থী থিয় কৰায়৷ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন লবীয়ে চাংমাজী গাঁও পঞ্চায়তৰ নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য ফৰিজ উদ্দিন লস্কৰৰ নাম প্ৰস্তাৱ কৰাৰ লগে লগে প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইন শিবিৰে জয়নগৰ পঞ্চায়তৰ আঞ্চলিক সদস্য আইনুল হকৰ নাম প্ৰস্তাৱ কৰে৷

সভাপতিৰ কাৰণে দুগৰাকীকৈ সদস্যৰ নাম উত্থাপন হোৱাত কাৰ্যবাহী দণ্ডাধীশ অনুসূয়া শৰ্মাই উপস্থিত সদস্যৰ মাজত গোপন ভোটৰ ব্যৱস্থা কৰে৷ ভোট প্ৰক্ৰিয়াত অনুষ্ঠিত সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াত চাংমাজী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফৰিজ উদ্দিন লস্কৰে ১৬টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আইনুল হকে লাভ কৰে ৮টাকৈ ভোট৷ উপ-সভাপতি পদত আমবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য শ্বেফালী বিশ্বাসে ১৬টাকৈ ভোট লাভ কৰি যমুনামুখ সমষ্টিৰ একমাত্ৰ আঞ্চলিক পঞ্চায়ত বিন্নাকান্দি আঞ্চলিক পঞ্চায়ত গঠন কৰে৷ ইপিনে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভৰ পিছতো সৰ্বসন্মতিক্ৰমে আঞ্চলিক পঞ্চায়তৰ সভাপতি, উপ-সভাপতি নিৰ্বাচন কৰিব নোৱৰাত দলটোৰ অভ্যন্তৰত থকা লবীকেন্দ্ৰিক ৰাজনীতি পুনৰবাৰ প্ৰকট হ'ল৷ অনাগত সময়ত কংগ্ৰেছৰ এই লবী ৰাজনীতিয়ে কেনে ৰূপ লয় সেয়া লক্ষণীয় হ'ব৷

Your Comments