কাশ্মীৰত হিমস্খলনত সন্ধানহীন ১০ জন আৰক্ষী

s

উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত তুষাৰ-আতংক অব্যাহত আছে। সম্প্ৰতি জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰৱল তুষাৰপাত হৈছে।জম্মু আৰু কাশ্মীৰত ভয়াৱহ হিমস্খলন হৈছে।জম্মু-কাশ্মীৰৰ কুলগাম জিলাস্থিত জৱাহৰ সুৰংগৰ সমীপত সংঘটিত হিমস্খলনত পোত খাই গ'ল এটা আৰক্ষী চকী।

প্রাপ্ত তথ্য মতে,আৰক্ষী চকীটোৰ ওপৰত এটা বৰফৰ পাহাৰ পৰি যায়।ফলত সম্পূৰ্ণভাৱে পোত খায় চকীটো।আৰক্ষী চকীটোত থকা ১০ জন আৰক্ষী সন্ধানহীন হৈ পৰে।আৰক্ষীকেইজনক উদ্ধাৰ কৰিবলৈ বৰ্তমান উদ্ধাৰকাৰী দলে অভিযান চলাই আছে৷

Your Comments