নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বামুনীত জোঁৰ সমদল 

a

ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়ত আজি সন্ধ্যা বঢ়মপুৰ বামুনীত, বামুনী মণ্ডল কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। বামুনীৰ পৰা উলিওৱা জোঁৰ সমদলত কেইবা শতাধিক কংগ্ৰেছী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি বৰবাৰী-বামুনী পথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাথিল কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ আজি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে বামুনীৰ আকাশ-বতাহ কঁপাই তোলাৰ লগতে শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ইয়াতকৈও ভয়াবহু পৰিস্থিতিৰ সম্মুখীন হ'ব লাগিব বুলি চৰকাৰক সকিয়াই দিয়ে। এই প্ৰতিবাদৰ ফলত পথটোত এক যান-যঁটৰ সৃষ্টি হয়। অৱশ্যে পৰবৰ্তী সময়ত আৰক্ষী উপৰিত হৈ পথটো মুকলি কৰিবলৈ সক্ষম হয়।

Your Comments