কলাক্ষেত্ৰত আজিৰে পৰা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ

কলাক্ষেত্ৰত আজিৰে পৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

# শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আজিৰে পৰা আৰম্ভ হৈছে প্ৰথম অসম আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ৷

# অসম চৰকাৰৰ পৃষ্ঠপোষকতা আৰু জ্যোতি চিত্ৰবনৰ উদ্যোগত আয়োজিত হৈছে এই তিনিদিনীয়া শিশু চলচ্চিত্ৰ মহোৎসৱৰ৷

# আজি এই চলচ্চিত্ৰ মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

# উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সান্ত্বনা বৰদলৈ, জনপ্রিয় অভিনেতা যতীন বৰাকে আদি কৰি অসমৰ চলচ্চিত্ৰ সমাজৰ জ্যেষ্ঠ-কনিষ্ঠ বহুকেইগৰাকী শিল্পী৷

Your Comments