
মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ পিতৃ জগত দাস (৭৬)ৰ আজি দিনৰ ১১.৩৫ বজাত আমিনগাঁওস্থিত নাৰায়ণা হাস্পতালত পৰোলোকপ্ৰাপ্তি ঘটে। ৰ্দীঘদিন ধৰি বৃক্ক আৰু উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা দাসৰ শুকুৰবাৰে পুৱা ৬ বজাত ষ্ট্ৰ'ক হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক মঙলদৈ প'লি ক্লিনিকত চিকিৎসাৰ বাবে লৈ যায় যদিও তেওঁৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। জগত দাসৰ বিধায়ক পুত্ৰ গুৰুজ্যোতি দাস দিল্লীৰ ৰামলীলা ময়দানত বিজেপি কৰ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে যোৱা হেতুকে পৰিয়ালৰ আন সদস্যসকলে তেওঁক উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰাইছিল।
পিতৃৰ অসুস্থতাৰ বিষয়ে জানিব পাৰি পুত্ৰ গুৰুজ্যোতি দাসে বিজেপিৰ সন্মিলন আধাতে সামৰি শুকুৰবাৰে সন্ধিয়া চিকিৎসালয়খনত উপস্থিত হৈ পিতৃৰ আৰোগ্যৰ বাবে অহোপুৰুষাৰ্থ কৰে। প্ৰায় ২৪ ঘণ্টাতকৈ অধিক সময় ভেণ্টিলেটৰত ৰাখি চিকিৎকে দাসৰ প্ৰাণ ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা কৰে যদিও আজি তেওঁ সকলোকে কন্দুৱাই ইহসংসাৰ ত্যাগ কৰে। উল্লেখ্য যে অসম চৰকাৰৰ গড়কপ্তানি বিভাগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জগত দাসৰ ইয়াৰ পূৰ্বেও দুৱাৰকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল। এগৰাকী আৰ্শৱান কৃষক হিচাপেও জনাজাত জগত দাস স্থানীয় কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ, কন্যা, ৱোৱাৰী, জোঁৱাইসহিতে অসংখ্য গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত দৰং জিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱী, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেক, সম্পাদক মুকুটৰাজ শৰ্মা, মঙলদৈৰ পৌৰপতি প্ৰতাপ বৰদলৈ, সংখ্যালঘু মৰ্চাৰ দৰং জিলাৰ সভাপতি মিজানুৰ ৰহমান, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনীন্দ্ৰ ৰাজবংশী, যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা হিমাদ্ৰী কুমাৰ শৰ্মা, দৰং জিলা সাহিত্য সভা, মঙলদৈ লোকসভা সমষ্টিৰ জনপ্ৰিয় যুৱনেতা বনমালী শৰ্মা, মঙলদৈ ক্ৰীড়া সন্থা, দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। আজি দুপৰীয়া তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
- Log in to post comments
- 45 views