নৱবৰ্ষৰ প্ৰথম দিনটোত চিৰিয়াখানাত সংগ্ৰহ ৩.৭২ লাখ ৰাজহ

 নৱবৰ্ষৰ প্ৰথম দিনটোত চিৰিয়াখানাত সংগ্ৰহ ৩.৭২ লাখ ৰাজহ

ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোৱে কঢ়িয়াই আনিছে অসম ৰাজ্যিক চিৰিয়াখনালৈ আশাৰ বতৰা। কাৰণ বছৰৰ আৰম্ভণি দিনটোতেই ৰাজ্যিক চিৰিয়াখানালৈ আগমন ঘটিল ১৪ হাজাৰকৈ দৰ্শনাৰ্থীৰ।

এই কথা জানিবলৈ দিছে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই। লগতে তেওঁলোকে জানিবলৈ দিয়ে যে প্ৰথম দিনটোত তেওঁলোকে আহৰণ কৰে প্ৰায় ৩ লাখ ৭২ হাজাৰ টকা। আজিও দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ আশা কৰিছে চিৰিয়াখানা কৰ্তৃপক্ষই।

Your Comments