দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

"বিশ্বৰ মহান সভ্যতাসমূহ নদীৰ পাৰতেই গঢ় লৈ উঠিছিল। যুগে যুগে নদীক আলম লৈয়েই এই সভ্যতাসমূহ সময়ত বিকশিত হৈছিল। পৱিত্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ পাৰত অসম ৰাজ্যখনো অৱস্থিত হোৱা বাবে আমি ধন্য । ইয়াৰে ব্ৰহ্মপুত্ৰ নদীক ১২১ আৰু বৰাক নদীক ১৬খন উপ-নদীয়ে প্ৰাণ দিছে ।

দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

গতিকে নদীৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাক তথা দৈজিং ফেষ্টিভেলৰ নিশ্চয় প্ৰাসংগিকতা আছে।" এই মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ চিৰাং জিলাৰ খাগ্ৰাবাৰীস্থিত আই নৈৰ দলঙৰ ওচৰৰ আই ৰিভাৰ পাৰ্কত অনুষ্ঠিত দৈজিং উৎসৱত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে।

দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

নিজ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে "নদী সমুহে মানৱ সভ্যতা শক্তিশালী কৰাৰ উপৰিও সামাজিক তথা অৰ্থনৈতিক দিশত বিকাশ ঘটায় ।  দৈজিং মহোৎসৱে সমগ্ৰ বিশ্বৰ বুকুতে চিৰাঙক এক অনবদ্য ৰূপত প্ৰতিষ্ঠা প্ৰদান কৰিব। আই নদীৰ পাৰলৈ ব’ব পৰ্যটকৰ সোঁত ।

দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

তাৰোপৰি বৈচিত্ৰময় সংস্কৃতিৰ বিনিময় সম্ভৱপৰ হয় এনে মহোৎসৱৰ যোগেদিয়ে। সেয়ে এই মহোৎসৱে ৰাজ্যখনৰ এই অঞ্চলটোৰ অনবদ্য সংস্কৃতিক বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে বুজি পোৱাত যথেষ্ট সহায় কৰিব বুলিও নিজৰ ভাষণত কয় ৷ উল্লেখ্য যে  ১২ দিনীয়া কাৰ্যসূচীৰে  ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই দৈজিং মহোৎসৱৰ আজিৰ বৰ্ণাঢ্য অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়েও ভাষণ ৰাখে ৷

দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ৰাজ্যৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, বি টি চিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, বিধায়ক প্ৰশান্ত ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাকে ধৰি ভালেমান গণ্যমান্য লোক উপস্থিত থাকে । ইফালে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এনে সাংস্কৃতিক মহোৎসৱৰ গুৰুত্ব সদায়েই আছে আৰু থাকিব বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে অঞ্চল একোটাৰ সৰ্বাঙ্গীন উত্তৰণৰ বাবে এনে অনুষ্ঠানৰ যথেষ্ট গুৰুত্ব আছে।”

দৈজিং মহোৎসৱে বিশ্বৰ বুকুত স্থাপন কৰিব চিৰাঙক : সৰ্বানন্দ সোণোৱাল 

আজিৰ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় বৰফালাংগা গ্ৰুপৰ অনুষ্ঠানৰ লগতে বলীউদৰ জনপ্ৰিয় শিল্পী হিমেশ ৰেশমিয়া, ভূমি ত্ৰিৱেদী, শ্বেতা পণ্ডিত, নীৰজ শ্ৰীধৰৰ লগত ভালেমান শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। ইপিনে তৃতীয় দিনাৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ আছিল ডব্লিউ ডব্লিউ ই খেলুৱৈ দ্য গ্ৰেট খালী।

পৰ্যটকক আকৰ্ষিত কৰব পৰাকৈ দৈজিং উৎসৱত আছে শ্বুটিং, নাওচালনা, হেলিকপ্টাৰ ৰাইড, যন্ত্ৰচালিত বেলুন বাইক, বক্সিং, ফেশ্বন শ্ব' আদিৰ লগতে বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ, খেল-ধেমালি আদিও আছে ৷ আনহাতে উৎসৱৰ দুই মুকলি মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ।

Your Comments