গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
চলিত বৰ্ষৰ ৪ৰ পৰা ১৫ এপ্ৰিললৈ অষ্ট্ৰেলিয়াৰ গ'ল্ডক'ষ্টত অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰা গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ বাৰমুখীয়া গাঁৱৰ লাভলীনা বৰগোঁহায়ে সফলতাৰে বৰ্ষটো সামৰণি মাৰে। অসম তথা ভাৰত গৌৰৱ লাভলীনাৰ বাবে এই বৰ্ষটো যথেষ্ট উল্লেখযোগ্য বৰ্ষ আছিল।
এই বৰ্ষতে কঠোৰ অনুশীলনৰ যোগেদি দিল্লীত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত লাভলীনাই ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদকেৰে দেশৰ লগতে গৃহ ৰাজ্যলৈ অন্য এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। প্ৰথম অৱস্থাত যদিও খেলুৱৈগৰাকীয়ে কিক্ বক্সিঙেৰে খেলুৱৈ জীৱনৰ পাতনি মেলিছিল, পিছত অৰ্থাৎ ২০১২ চনত বক্সিং খেলাৰ মন মেলে।
খুব কম সময়ত অশেষ কষ্ট আৰু ত্যাগেৰে বৰ্তমান দেশৰ গৌৰৱ হোৱাৰ সৌভাগ্য লাভ কৰা লাভলীনা বৰপথাৰ অঞ্চলৰ ব্যৱসায়ী টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ তিনি কন্যাৰ কনিষ্ঠ। লাভলীনাৰ এই সাফল্যৰ ধাৰাত মাতৃৰ অনন্য অৱদান সদায় স্বীকাৰ কৰে খেলুৱৈগৰাকীয়ে।
লগতে ৬বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা মেৰীকমৰ সান্নিধ্যই খেলুৱৈগৰাকীক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে বুলিও মত ব্যক্ত কৰে। বৰ্তমান ৰাষ্টীয় বক্সিং প্ৰতিযোগিতাৰ বাবে অনুশীলন অব্যাহত ৰখা লাভলীনাৰ লক্ষ্য ২০২০ৰ অলিম্পিকত অংশ লোৱাৰ। বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা লাভলীনাৰ এই হেঁপাহ যাতে পূৰ্ণ হয় সেয়ে আমাৰ কাম্য।
- Log in to post comments
- 12 views