গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে লাগি থকা কাজিৰঙা কাৰ্বিআংলং ইন্টাকি হস্তী প্ৰকল্প বৰ্তমান নিঃশেষ হোৱাৰ পথত। পুনৰ শিল মাফিয়াই অবৈধভাৱে হস্তী প্ৰকল্পত প্ৰৱেশ কৰি শিল ভঙা মেচিন স্থাপনেৰে প্ৰচণ্ড বিস্ফোৰণ ঘটাই বন্যহস্তী কুললৈ ভাবুকি কঢ়িয়াই আনিছে।
বিদ্যু্ৎ বিভাগ, অসম প্ৰদূষণ বিভাগেও এনে কাৰ্যত মৌনতা অৱলম্বন কৰাহে পৰিলক্ষিত হৈছে। কিহৰ ভিত্তিত এনে সংৰক্ষিত অঞ্চলত বিদ্যুৎ সংযোগ দিলে সেয়া এক ৰহস্য হৈ পৰিছে। উক্ত বিষয়ত গোলাঘাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে সবিশেষ জানিব বিচৰাত পৰিষদেও অজ্ঞতা প্ৰকাশহে কৰে।
আনহাতে, সচেতন মহলে এই সকলোবোৰ প্ৰকল্পৰ সমীপত থকা বন বিভাগ আৰু দালমৰা আৰক্ষী থানাৰ সহযোগত গঢ়ি উঠা বুলিহে মত প্ৰকাশ কৰে। আনহাতে, এই সকলো কু-কাৰ্য প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী গোস্বামীয়ে এই কু-কাৰ্যত জড়িত বিনোদ জালান, অজিত জালান, মহাবীৰ প্ৰসাদ আগৰৱালা, অশোক পাটোৱাৰী, হৰি আগৰৱালা, হেমন্ত চৌধুৰী, প্ৰদীপ আগৰৱালা, আমলা চৌধুৰী, সমীৰ ম'ৰ, ভাৰুৰীলাল পোড্ডাৰ, পেৰামাউন্ট ইণ্ডাষ্ট্ৰী, হিন্দুস্তান কনষ্ট্ৰাকচন কোঃ লিঃৰ বিৰুদ্ধে দালমৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও প্ৰকৃতিপ্ৰেমীগৰাকীয়ে এই ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰহে অভিযোগ উত্থাপন কৰিছে।
ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাত ০৯/২০১৮ নম্বৰত এক নগণ্য গোচৰহে ৰুজু কৰে। যিটো ধাৰা প্ৰকৃতিপ্ৰেমীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ লগত কোনো সাদৃশ্য নাই। ফলত সেই সুযোগ গ্ৰহণ কৰি পুনৰ শিল মাফিয়াই অধিক সক্ৰিয় হোৱাহে পৰিলক্ষিত হ'ল। ইফালে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী, ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষণৰ বাবে ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বিস্ফোৰণ বা উদ্যোগ স্থাপন কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল।
পিছে সকলো নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই গঢ়ি উঠা এনে অবৈধ উদ্যোগে নিশ্চয়কৈ হস্তী প্ৰকল্পৰ অন্তৰ্গত কাৰ্বি পাহাৰৰ আৰক্ষীৰ সহযোগ থকাৰো ইংগিত বহন কৰিছে। কাজিৰঙা কাৰ্বিআংলং ইন্টাকি হস্তী প্ৰকল্পৰ লগত সংলগ্ন হৈ থকা নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা-যোৱা কৰা হাতীৰ কৰিড'ৰসমূহ বন্ধ হৈ পৰাত বৰ্তমান হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।
বোকাখাত, মৰঙী, নুমলীগড়, বিহৰা, মূৰফুলনি আদি বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে হাতীৰ উপদ্ৰৱত ওৰেটো নিশা বিনিদ্ৰ ৰজনী পাৰ কৰিছে। হাজাৰ হাজাৰ বিঘা ধানখেতি, ৰবিখেতি নষ্ট কৰা গঞাৰ এতিয়া যেন পানীত হাঁহ নচৰা এক অৱস্থা। নিশ্চয়কৈ ইয়াৰো মূল কাৰণ এনেদৰে গঢ়ি উঠা অবৈধ শিল-বালিৰ কুঁৱৰী বুলিও ক'ব পাৰি।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বন্যহস্তী সংৰক্ষণৰ বাবে কাজিৰঙা কাৰ্বিআংলং ইণ্টাকি হস্তী প্ৰকল্প, অসম-অৰুণাচল সীমান্তৰ ডিব্ৰু-দেওমালি প্ৰকল্পকে কৰি ৫খনকৈ হস্তী প্ৰকল্প ঘোষণা কৰিছিল। কিন্তু সকলো পুঁজিপতিয়ে ধ্বংস কৰি অনাহে পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত গোলাঘাটৰ প্ৰকৃতিপ্ৰেমী সমাজে অসম চৰকাৰক অনতিপলমে সংৰক্ষণৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে।
- Log in to post comments
- 65 views