বড্ মূলীয় কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক ভৈয়াম জনজাতিৰ প্ৰমাণ-প্ৰত্ৰ প্ৰদান, জাতীয় মঞ্চৰ আদৰণি

w

বড্ মূলীয় কোচ-ৰাজবংশী জনগোষ্ঠীৰ বাসুগাঁও গোগলাপাৰাৰ প্ৰদীপ নাৰায়ণৰ পুত্ৰ পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচক চিৰাং জিলা প্ৰশাসনে শেহতীয়াকৈ ভৈয়াম জনজাতিৰ প্ৰমাণ-পত্ৰ দি আনুষ্ঠানিকভাৱে জনজাতিৰ স্বীকৃতি দিয়া কাৰ্যক কোচ-ৰাজবংশী জাতীয় মঞ্চই আদৰণি জনাইছে । এই স্বীকৃতি প্ৰদানেৰে জিলা প্ৰশাসনে পলমকৈ হ'লেও বড্ বংশীয় কোচ ৰাজবংশীসকলৰ প্ৰতি এক সুবিচাৰ কৰা বুলি মঞ্চই এক প্ৰেছ টোকাত উল্লেখ কৰিছে ।

এই সন্দৰ্ভত প্ৰেছ টোকাটোত কোচ-ৰাজবংশী জাতীয় মঞ্চৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সম্পাদক ভূপেন ৰায়ে ১৯৬৮ চনৰ পৰা কোচ-ৰাজবংশীসকলৰ ওলোমা খাই থকা জনজাতিকৰণৰ ইছ্যুটোৰ ত্বৰান্বিত সমাধানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক চিৰাং জিলা প্ৰশাসনে ইয়াৰ দ্বাৰা বাট দেখুৱাই পথ প্ৰশস্ত কৰিলে বুলি কয় ।

লগতে হাৰিয়া মেচ, মদাসী আদি বিভিন্ন ফৈদৰ বড্ মূলীয় কোচ-ৰাজবংশীসকলক শীঘ্ৰেই প্ৰাপ্য ভৈয়াম জনজাতিৰ মৰ্যদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক প্ৰশাসনক নীতি-নিৰ্দেশনা দিবলৈ প্ৰেছ টোকাটোৰ জৰিয়তে নেতৃদ্বয়ে আহ্বান জনাইছে। পৃথ্বিৰাজ নাৰায়ণ দেৱ মেচক ২৪ ডিচেম্বৰত চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা ভৈয়াম জনজাতিৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা বুলিও মঞ্চৰ নেতৃদ্বয়ে প্ৰেছ টোকাটোত উল্লেখ কৰিছে ৷

Your Comments