বঙাইগাঁও জিলা শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন

q

বঙাইগাঁও জিলা শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে বৰপাৰাস্থিত জ্যোতি সংঘত উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা বঙাইগাঁও জিলা শিল্পী সমাজৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি দীপক দাসে ৷ ইয়াৰ পিচতে শিল্পী সমাজৰ বিষয় সংগীত (সমবেত) পৰিৱেশন কৰা হয় ৷

স্মৃতি তৰ্পণ কৰে বঙাইগাঁৱৰ বিশিষ্ট সংগীত শিল্পী নন্দ কিশোৰ চৌধুৰীয়ে ৷ অনুষ্ঠানত সদ্য প্ৰয়াত কোকিলকন্ঠী গায়িকা দীপালি বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিদেহী আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌনতাও অৱলম্বন কৰা হয় ৷ ইপিনে কাৰ্যসূচীৰ লগত সংগতি ৰাখি অন্তৰংগ অনুষ্ঠান, স্মৃতিগ্ৰন্থ উন্মোচন আৰু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানো অনুষ্ঠিত হয় ৷

w

অনুষ্ঠানত বঙাইগাঁও জিলা শিল্পী সমাজৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা 'বীণ' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে জ্যোতিষ শৰ্মাই ৷ স্মৃতিগ্ৰন্থখনৰ সম্পাদক বনলতা দাস আৰু প্ৰণয় কুমাৰ সিংহ ৷

আনহাতে শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰে পাৰ্থ পাল, নন্দ কিশোৰ চৌধুৰী, জ্যোতিশিখা দাস আৰু সুব্ৰতা ৰয়চৌধুৰীয়ে ৷ বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰে ধনজিৎ বৰ্মনে ৷ অনুষ্ঠান আন কেবাগৰাকী শিল্পীয়েও গীত পৰিৱেশন কৰে ৷

Your Comments