মধুপুৰ মহোৎসৱ বাতিলক লৈ কোচ-ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ বংগ চৰকাৰক গৰিহণা

ৈ

মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰে মধুপুৰ মহোৎসৱ উদযাপনৰ অনুমতি বাতিল কৰা কাৰ্যক সদৌ অসম কোচ-ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে গৰিহণা দিছে । এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি ত্ৰৈলোক্য ৰায় আৰু সাধাৰণ সম্পাদক ধৰ্মেন্দ্ৰ ৰায়ে কয় যে কোচবিহাৰৰ ভূমি বংগ চৰকাৰৰ দ্বাৰা বেদখল কৃত ভূমি ৷ সেয়ে এই অঞ্চলৰ সভ্যতা, সংস্কৃতি আৰু ইতিহাস ধ্বংসৰ ষড়যন্ত্ৰৰ অংশ বিশেষ হ'ল এই মধুপুৰ মহোৎসৱ বাতিলৰ সিদ্ধান্ত । বিবৃতিটোত নেতাদ্বয়ে কয় য়ে যিকোনো ধৰ্মীয় পন্থাক সন্মান জনোৱাটো ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পৰম্পৰা আৰু এই পৰম্পৰাৰ উদাহৰণ মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ দিনতো প্ৰৱৰ্তিত আছিল।

সেয়ে এই মুলুকৰ একোৱে বুজি নোপোৱা কলকাতীয়া শাসকৰ দ্বাৰা শাসিত হৈ থকাতো যে বিপদজনক পুনৰ সেই কথা প্ৰতিপন্ন কৰিলে । কোচ-বিহাৰৰ ৰাস, জলপাইগুৰিৰ জলপেষ মন্দিৰ, মধুপুৰ এই বিষয়সমূহত মমতা দিদিৰ মাত-মতাৰ নৈতিক অধিকাৰ নাই বুলিও নেতাদ্বয়ে কয়। লগতে নেতাদ্বয়ে পুনৰ কয় যে বংগ চৰকাৰৰ কমতাপুৰ ৰাজ্যৰ ঐতিহ্য, কৃতিচিহ্ন ধ্বংসৰ অপচেষ্টা নতুন বিষয় নহয়। কমতাপুৰ গঠন নোহোৱালৈকে এই ষড়যন্ত্ৰ চলিয়েই থাকিব।

আনকি বহু সময়ত অসম চৰকাৰেও একে মনোভাৱ পোষণ কৰে বুলি নেতাদ্বয়ে কয়। কমতাপুৰৰ ভূমি বেদখলকাৰী বংগ আৰু অসম দুয়ো চৰকাৰে থলগিৰীৰ ওচৰত সন্ত্ৰস্ত । সেয়ে দুয়ো চৰকাৰৰ নেতৃত্ব চলোৱা দলে সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লৈছে বুলি নেতাদ্বয়ে অভিযোগ কৰাৰ লগতে  তৃণমূল কংগ্ৰেছ আৰু বিজেপি দলক সমালোচনা কৰি এই কূটিল ৰাজনীতিৰ ফলত একাংশ ভক্তপ্ৰাণ ৰাইজ প্ৰত্যক্ষভাৱে বলি হ'বলগা হ'ল বুলিও বিবৃতিটোত  উল্লেখ কৰে।

লগতে অসম-বংগ চৰকাৰক অতি শীঘ্ৰে মধুপুৰ উৎসৱৰ অচলাৱস্থা দূৰ কৰি সুস্থ পৰিৱেশত মহোৎসৱটি অনুষ্ঠিত কৰাৰ ৱ্যৱস্থা কৰিবলৈকো নেতাদ্বয়ে দুয়ো চৰকাৰক আহ্বান জনায়। উল্লেখ্য যে ২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ অনুষ্ঠিত হ'বলগীয়া আছিল যদিও বিজেপিৰ ৰথযাত্ৰাক কেন্দ্ৰ কৰি পশ্চিম বংগত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত উদ্ভৱ হোৱা উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা পৰিস্থিতিৰ দোহাই দি পশ্চিম বংগ চৰকাৰে মহোৎসৱৰ অনুমতি বাতিল কৰে ৷
 

Your Comments