দিল্লীত বগীবিল দলং সতী সাধনী নামাকৰণৰ পূৰ্ণ সমৰ্থন ১৮টা জনগোষ্ঠীয় সংগঠনৰ 

ৈ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

অহা ২৫ ডিচেম্বৰত মুকলি হ'বলগীয়া বগীবিল দলঙৰ নাম বীৰাংগনা সতী সাধনী সেঁতু নামাকৰণত পূৰ্ণ সমৰ্থন আগবঢ়াই আজি নতুন দিল্লীৰ হোটেল এষ্টৰীয়াত ১৮টাকৈ অসমৰ জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনে । নামাকৰণৰ ক্ষেত্ৰত অন্যান্য অপশক্তিক বিৰোধীতাৰে ছাত্ৰ সংগঠন কেইটাই সদৌ চুতীয়া ছাত্ৰ সন্থাৰ বহুদিনীয়া দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়।

লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বীৰ-বীৰাংগণা তথা পুৰুধা ব্যক্তিসকলক যথোপযুক্ত মৰ্যাদা প্ৰদান কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। একেদৰে, মহাবাহুৰ ওপৰত নিৰ্মাণ হ'ব লগা বা হৈ থকা প্ৰস্তাৱিত দলং সমূহ পৰ্যায়ক্ৰমে চাওলুং চুকাফা সেঁতু, ছহিদ কমলা মিৰি সেঁতু আৰু ভীমবৰ দেউৰী সেঁতু নামাকৰণ কৰিবৰ বাবে সংগঠন কেইটাই দাবী উত্থাপন কৰে।

আজি অনুষ্ঠিত হোৱা সভাত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাৰ সৈতে বিষয়ববীয়াসকল, অসম ট্ৰাইবেল সংঘৰ সভাপতি মিলন সোনোৱাল, মৰাণ ছাত্ৰ সন্থাৰ হৈ অৰুণ জ্যোতি মৰাণ, মটক ছাত্ৰ পৰিষদৰ ধৰণী গোঁহাই, বড়ো ছাত্ৰ সন্থাৰ লৰেঞ্চ ইচলাৰী, ৰাভা ছাত্ৰ সন্থাৰ ৰমেন সিং ৰাভা, কাৰ্বি ছাত্ৰ সন্থাৰ ছেমচন তেৰণ, ডিমাচা ছাত্ৰ সন্থাৰ নবিন জহৰী, তিৱা ছাত্ৰ সন্থাৰ দিপেন মচৰং, চাহ জনজাতিৰ ধীৰাজ গোৱালা, হাজং ছাত্ৰ সন্থাৰ সঞ্জীৱ কুমাৰ হাজং, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰেম কমাং গোৰ্খা, গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ হাফিজুল আহমেদ, মেচ-কছাৰী জাতীয় পৰিষদৰ সুবীৰ মেচ, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ হৈ দ্বীপজ্যোতি শৰণীয়া, আদিবাসী ছাত্ৰ সন্থাৰ হৈ নৱেচ বাৰলা, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ হৈ ৰতন কছাৰী, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ হৈ উদয়ন কুমাৰ গগৈ আৰু মদাহী ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীও উপস্থিত থাকে।

Your Comments