বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
অসম চৰকাৰৰ পর্যটন বিভাগৰ পৃষ্ঠপোষকতাত আৰু মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অহা ২৪ আৰু ২৫ ডিচেম্বৰত উত্তৰ বংগৰ কোচবিহাৰত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূতপুণ্য স্থান মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ, ২০১৮ অনুষ্ঠিত হোৱাৰ কথা আছিল ।
কিন্তু বিশেষ অসুবিধাৰ বাবে এই মহোৎসৱখনি বৰ্তমান স্থগিত ৰখা হৈছে ৷ অনুষ্ঠানৰ পৰৱৰ্তী দিন অচিৰেই ঘোষণা কৰা হ'ব বুলি মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে জানিবলৈ দিছে ৷
- Log in to post comments
- 10 views