নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে শেহতীয়াকৈ অনুমোদন জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ ভিতৰত অন্যতম প্ৰস্তাৱ আছিল নগাঁও মৰাপাট কলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পৰা ৩২.৭২ কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ ।

এই কথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰাৰ লগে লগে  অসম সমবায় মৰাপাট কলৰ বাহিৰে-ভিতৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উদ্যোগ মন্ত্ৰীগৰাকীৰ ৰাজ্যখনত থকা নিজৰ বিভাগটোৰ উদ্যোগসমূহৰ প্ৰতি কোনোধৰণৰ ধাৰণা নোহোৱাত সচেতন মহলৰ মাজত ই এক চৰ্চাৰ বিষয় হৈ পৰিছে ।

নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

কিয়নো চৰকাৰী খণ্ডতেই হওক বা সমবায় খণ্ডতেই হওক, নগাঁও মৰাপাট কল বুলি কোনো উদ্যোগ নাই জিলাখনত । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰা মৰাপাট কলটো নিশ্চয় সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ উদ্যোগ শিলঘাট মৰাপাট কলটোৱেই হ'ব । ইয়াকে লৈ বিভ্ৰান্তিত পৰিছে মিলৰ কৰ্মী পৰিষদ ।

নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

মন্ত্ৰী পাটোৱাৰীয়ে ঘোষণা কৰা মিলটো যদি শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোৱেই হয় তেন্তে কলিয়াবৰৰ বিহডুবিত স্থাপন হ'ব মিলটোৰ দ্বিতীয়টো ইউনিট । কলিয়াবৰৰ বিহডুবিৰ এই পৰিত্যক্ত বয়ন উদ্যোগটোৰ বৃহৎ ভুমি ইতিমধ্যে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষক হস্তান্তৰ কৰিছে চৰকাৰে ।

নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

যাৱতীয়  সকলো নথি-পত্ৰৰ লগতে প্ৰাক্‌-কলন প্ৰস্তুত কৰি মিল কৰ্তৃপক্ষই চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাত এই ভাল খবৰটো আহিল কলিয়াবৰৰ লগতে নগাঁও জিলাখনলৈ ।

ইয়াৰ পিছতে শিলঘাট মৰাপাট কলৰ স্থানক লৈ আৰম্ভ হৈছে আন এক নতুন বিতৰ্ক । শিলঘাট মৰাপাট কলৰ কৰ্মী পৰিষদৰ দাবী, বিহডুবিত অসম সমবায় মৰাপাট কলৰ  কোনো ইউনিট হ'ব নালাগে । যদি হয় বৰ্তমানৰ মিলৰ লগতে হওক নতুন ইউনিটো । ইয়াকে লৈ সংঘাত আৰম্ভ হৈছে মিল কৰ্মী পৰিষদ আৰু বিহডুবি ঝাৱনীকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত ।

নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

শিলঘাটৰ সমীপৱৰ্তী বিহডুবিত মৰাপাট কলৰ দ্বিতীয় ইউনিটটো স্থাপন হ'লে লাভৱান হ'ব অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষ । শিলঘাটস্থিত অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই লাভ কৰিব ৫ বছৰলৈকে আয়কৰ ৰেহাই, মিলৰ যন্ত্ৰাংশ ক্ৰয় কৰাত ২০ শতাংশ ৰাজসাহায্য লাভ, বীমাকৰণৰ সুবিধা, ৰাজ্যিক জি এছ টি ৫০ শতাংশ ৰেহাই থাকিব নতুন ইউনিটটোত । ইয়াৰ মাজতে  মিল কৰ্মী পৰিষদৰ প্ৰতিবাদৰ ভাবুকিয়ে শংকিত কৰি তুলিছে সচেতন মহলক ।

Your Comments